তেজপুৰ : বিশ্বত বিভিন্ন প্ৰজাতিৰ পক্ষীৰ উদ্বেগজনকভাৱে বিলুপ্তি ঘটিছে । বহু পক্ষীৰ সংখ্যা দ্রুতগতিত হ্রাস পাব ধৰিছে । মোবাইল ফোন সংযোগৰ বাবে স্থাপন কৰা টাৱাৰসমূহৰ পৰা বিকিৰিত চৌম্বকীয় বৈদ্যুতিক তৰংগৰ লগতে বিভিন্ন কাৰণত এনে পক্ষীৰ সংখ্য়া হ্ৰাস পাইছে ।
কংক্ৰিটৰ নগৰীৰ মাজতে তেজপুৰত দেখিবলৈ পোৱা গৈছে এখন বিপৰীত ছবি । তেজপুৰ নগৰত এটা পৰিয়ালে সংৰক্ষণ কৰি ৰাখিছে ক্ৰমাৎ বিলুপ্তপ্ৰায় ঘৰচিৰিকা চৰাই । বিশ্বৰ পৰিব্ৰাজক চৰাইৰূপে পৰিচিত ঘৰচিৰিকা সংৰক্ষণ কৰা পক্ষীপ্ৰেমীগৰাকী হ'ল দীনেশ শৰ্মা ।
পক্ষীপ্ৰেমী দীনেশ শৰ্মা আৰু তেওঁৰ পত্নীয়ে বিগত ১৮ বছৰ ধৰি সংৰক্ষণ কৰি আহিছে দুষ্প্ৰাপ্য ঘৰচিৰিকাৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই । এই সন্দৰ্ভত পক্ষীপ্ৰেমী দীনেশ শৰ্মা কয়," বাল্যকালৰে পৰা চোতালত দেখি অহা ঘৰচিৰিকাবোৰ আমাৰ সংগোপনে ক্ৰমাৎ নোহোৱা হৈ আহিল । কিচিৰ-মিচিৰ মাতেৰে চৌপাশৰ পৰিবেশ ৰমনীয় কৰি ৰখা ঘৰচিৰিকাবোৰ নোহোৱা হোৱাৰ কাৰণসমূহ বিবেচনা কৰিলে দেখা যায় যে মূলতঃ নগৰাঞ্চলত ১০০ শতাংশ আৰু গ্রামাঞ্চলতো খেৰীঘৰ নাইকীয়া হ'ল ৷ সকলোতে টিনপাতৰ ব্যৱহাৰ । ফলত ঘৰচিৰিকাৰ প্ৰয়োজনীয় আৱাসৰ অভাৱ হৈ পৰিল । "
চৰাইৰ মাতত ৰাতিপুৱাই :
পুৱা-গধূলি এই চৰাইবোৰে খাদ্য গ্ৰহণ কৰিবলৈ আহে দীনেশ শৰ্মাৰ বাসগৃহলৈ । তেওঁ চৰাইৰ বাবে সুকীয়াকৈ খাদ্য প্ৰস্তুত কৰে আৰু ভাগে ভাগে খাবলৈ দিয়ে । ইয়াৰ মাজেৰেই পৰিয়ালৰ সদস্য়সকলে অনাবিল আনন্দ লাভ কৰে । এই প্ৰসংগত তেওঁ কয়," ঘৰৰ পোহনীয়া চৰাইৰ দৰে আছে বুলবুলি, ঘৰচিৰিকা, চুতীয়া শালিকী, দহিকতৰা, বালিমাহী, কপৌ আৰু এজনী কুলি চৰাই । কুলি চৰাই সাধাৰণতে নাথাকে যদিও কিবা কাৰণত জাক এৰি থাকি গ'ল । "
ঘৰচিৰিকা চৰাই প্ৰায় ২০০ আছে । তেওঁ তাৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে বাহ সংস্থাপন কৰি দিছে । ঘৰৰ সন্মুখত আৰু চাৰিওফালে জোতাৰ বাকচত ফুটা কৰি ঘৰচিৰিকা থাকিবলৈ দিয়া হৈছে ।
ঘৰচিৰিকাৰ সংকট :
অসমত পূৰ্বতে যিমান ঘৰচিৰিকা আছিল বৰ্তমান ই দুৰ্লভ হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, "কুৰি শতিকাৰ পৰা ব্যাপক প্ৰসাৰতা লাভ কৰা প্ৰযুক্তিৰ অন্যতম চানেকি ভ্রাম্য দূৰভাষ বা মোবাইল ফোন সংযোগৰ বাবে স্থাপন কৰা সংযোগ কেন্দ্ৰ বা টাৱাৰসমূহৰ পৰা বিকিৰিত চৌম্বকীয় বৈদ্যুতিক তৰংগই (Electro Magnatic Radiation, EMR) ঘৰচিৰিকা নিধনত মুখ্য ভূমিকা গ্রহণ কৰিছে বুলি মুম্বাইৰ নেচাৰেল হিষ্ট্ৰৰী ছ'চাইটিৰ সঞ্চালক ড৹ আছাদ ৰহমানীয়ে ব্যক্ত কৰিছে । ইয়াৰ উপৰি এই টাৱাৰসমূহৰ পৰা নিগৰিত ইলেক্ট্র' মেগনেটিক ৰেডিয়েচনৰ ফলত আজি আমাৰ মাজৰ পৰা ঘৰচিৰিকাৰ উপৰি টোকোৰা চৰাই, মৌ-মাখি আদি ক্রমে নোহোৱা হৈ আহিছে ।
চৌম্বকীয় বৈদ্যুতিক তৰংগই প্ৰথমতে মগজুক সংক্রমণ কৰি চৰাইবিধৰ প্ৰজনন ক্ষমতা হ্রাস কৰে আৰু আক্রান্ত চৰাইটো ৰোগাক্রান্ত হৈ মৃত্যুমুখত পৰে । পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ এক গবেষণা অনুযায়ী চৌম্বকীয় বৈদ্যুতিক তৰংগই ৫ ৰ পৰা ৬ মিনিটৰ ভিতৰত ঘৰচিৰিকা চৰাইৰ বাবে মাৰাত্মক ৫০ বিধ বীজাণু বহন কৰে ।"
মধ্য প্রাচ্য অঞ্চলত প্রথমে দেখা পোৱা ঘৰচিৰিকা চৰাই কালক্ৰমত বিশ্বতে বসতি বিস্তাৰ কৰে । বিশ্বৰ পৰিব্ৰাজক চৰাইৰূপে পৰিচিত ঘৰচিৰিকাই আৱশ্যকতা অনুযায়ী এটা প্ৰান্তৰ পৰা অন্য এটা প্রান্তলৈ বসতি সলনি কৰিবলৈ সক্ষম যদিও বিশ্বজুৰি হোৱা প্ৰযুক্তিৰ দ্রুত বিকাশৰ ফলত বাসস্থান সলনিৰ এই পথসমূহো আজি ৰুদ্ধ হৈ পৰিছে ।
ৰয়েল ছ'চাইটি ফৰ প্ৰটেকশ্বন অৱ বাৰ্ডছৰ দ্বাৰা প্ৰকাশিত এক সমীক্ষা অনুযায়ী ঘৰচিৰিকা চৰাইৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কাৰকসমূহৰ ভিতৰত বনাঞ্চল হ্রাস, মানুহৰ বাসগৃহ নিৰ্মাণৰ কাৰিকৰী দিশ পৰিবৰ্তন, কৃষিকার্যত ব্যৱহাৰ কৰা অত্যধিক মাত্ৰাৰ কীটনাশক দ্রব্য আৰু মোবাইল টাৱাৰসমূহৰ পৰা বিকিৰিত ইলেক্ট্র' মেগনেটিক ৰেডিয়েশ্বনেই প্ৰধান ।
ঘৰচিৰিকা চৰাইৰ প্ৰতি আকৰ্ষিত :
পক্ষীপ্ৰেমী দীনেশ শৰ্মা কয় ,"২০০৮ চনৰ মাৰ্চৰ কোনোবা এটা পুৱা পৰিবাৰৰ সৈতে ঘৰৰ আগফালৰ বাৰান্দাত বহি চাহ খাই আছিলো । তেনেতে ওচৰতে বাঁহৰ খুটা আৰু মাৰলিৰ ওপৰত টিনপাত দি সজা গাড়ী গেৰেজৰ ফালৰ পৰা ঘৰচিৰিকা এটা উৰি আহি চিৰিক-চাৰাক কৰা দেখি হাতৰ বিস্কুটৰ পৰা অকমান ভাঙি দলিয়াই দিলো । প্রথমতে ভয়ে-ভয়ে বিস্কুটটো মুখত লৈ উৰা মাৰিলে । ক্ষন্তেক পিছতে আকৌ আহিল আৰু এই দৃশ্যৰ পুনৰাবৃত্তি হ'বলৈ ধৰিলে । মই মন কৰিলো সি বিস্কুটৰ সৰু টুকুৰাটো লৈ মাৰলি এডালত থকা ফুটা এটাইদি সোমাই যায় আৰু ওলাই আছে । ওচৰলৈ যাঁওতে তাৰ পৰা অন্য এটা চৰাই ভুৰুংকৈ ওলাই উৰা মাৰিলে । দেখিলো বাঁহডালৰ সেই অকণমান ফুটাটোত সিহঁতহালে সংসাৰ পাতিছে । কিছুদিনৰ পিছতে পোৱালি জগিল । আমি দিয়া চাউল ভাঙি-ভাঙি নিয়া দেখি চাউলৰ পৰিবৰ্তে খুঁদ চাউল দিবলৈ আৰম্ভ কৰিলো । বাটি এটাত পানী দিয়াৰো ব্যৱস্থা কৰা হ'ল । কেইদিনমান পিছতে সিহঁতৰ অন্য এযোৰ জ্ঞাতিও আহি থিতাপি ল'লে । সম্ভৱতঃ সিহঁতে পোৱা সুবিধাৰ কথা অন্য বিলাকৰ মাজত প্ৰচাৰ হোৱাত এমাহমানৰ ভিতৰতে চৰাইৰ সংখ্যা অনুমানিক ১০০ৰো ততোধিক হ'লগৈ । "
তেওঁ পুনৰ কয়,"সংখ্যা বাঢ়িলে বাসস্থানৰ পৰিসৰো বাঢ়িব লাগিব । সেই কাৰণে বাকচত ফুটা কৰি-কৰি বাঁহ বন্ধা হ'ল । পাচলৈ নিগাজী বাসগৃহৰ বাবে খেৰৰ দুচলিয়া ঘৰ নিৰ্মাণ, পানী খাবলৈ আৰু গা ধুবলৈ চিমেন্ট বালিৰে পাত্ৰ নিৰ্মাণ কৰাৰ উপৰি লখিমপুৰৰ কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক বিশিষ্ট পক্ষীবিদ ড৹ প্রবাল শইকীয়াই কোৱা অনুসৰি জোতাৰ বাকচত বাসস্থানৰ ব্যৱস্থা কৰি দিওঁ । এতিয়া আমাৰ বজাৰৰ তালিকাখনত চৰাইৰ দানা বা খুঁদ চাউল লিখাটো সাধাৰণ কথা হৈ পৰিল। "
পক্ষীৰ সংখ্যা :
বিশিষ্ট পক্ষীবিদ ড৹ প্রবাল শইকীয়াই এই বিষয়ে ই টিভি ভাৰতক কয় ," অসমত ব্ৰহ্মপুত্ৰৰ পাৰত ঘৰচিৰিকা চৰাইৰ এক সমীক্ষা কৰা হৈছিল ২০১৬ চনত । তথ্য় অনুসৰি অসমত দ্ৰুতগতিত এই থলুৱা চৰাইবোৰ হ্ৰাস পাইছে । যদি কোনো স্থানত প্ৰতিটো জাকত ১০ তাতকৈ কম চৰাই দেখা পোৱা যায় তেন্তে সেয়া নিশ্চিত যে ঘৰচিৰিকা চৰাই সংখ্যা বহুখিনি হ্ৰাস পাইছে ।"
তেওঁ পুনৰ কয়," অসমৰ গুৱাহাটীত কিন্তু চৰাইৰ সংখ্যা বহুখিনি আছে । ২০১০ চনৰ শেষৰফালে চিটিজেন স্পেৰ' নাম দি এটা পৰিসংখ্যা আৰম্ভ কৰিছিলো । সেই হিচাবে ঘৰচিৰিকাৰ তুলনাত বনচিৰিকাৰ সংখ্যা কেইখনমান জিলাত বেছি আৰু সেয়া কামৰূপ মেট্ৰ'ত কম । যি ঠাইত পানীৰ পৰিমাণ কম সেই ঠাইত ঘৰচিৰিকাৰ সংখ্যা বহুখিনি কম ।" ইপিনে, দীনেশ শৰ্মাই কয়, "২০১৬ ত ঘৰচিৰিকা চৰাইৰ সমীক্ষা এটা পক্ষীবিদ প্ৰবাল শইকীয়াৰ তত্বাৱধানত কৰা হৈছিল । তেজপুৰ আৰু ইয়াৰ আশে-পাশে থকা ঠাইসমূহত আনুমানিক মোৰ নিজা বাসগৃহত ১০০ ৰ ১৫০, তেজপুৰ চলা গাঁৱৰ মহাবীৰ শৰ্মা ধান মিলত ২০০ ৰ পৰা ২৫০ , চামধৰা গাঁৱত ৩০০ ৰ ৪০০, চান্দমাৰী (ৰে'ল গেট)ত ১০০ ৰ পৰা ১৫০, নেপালি পট্টী চাৰিআলিত ১৫০ ৰ পৰা ২০০ ৰ অৱস্থিতিৰ ধাৰণা কৰা হয় । ইয়াৰ উপৰি পথৰ কাষত থকা ধাবাসমূহত খেৰৰ চালিৰে সজা পঁজা (কটেজ) সমূহত ঘৰচিৰিকা দেখিবলৈ পোৱা যায় । উদাহৰণ স্বৰূপে -দুলাবাৰীৰ এ জি ধাবা, সোণাপুৰৰ নিউ চিটী ধাবা ইত্যাদি ।"
উল্লেখ্য় যে ২০১০ চনত নেচাৰ ফৰ এৱেৰ ছ'চাইটীৰ সহযোগত মুম্বাই নেচাৰেল হিষ্ট্রী ছ'চাইটী, কার্পেল লাভহ অৱ আর্নিথোলজী (ইউ এছ এ), ইকোছিচ একছন ফাউণ্ডেশ্বন (ফ্রান্স), ব্রাইল্ড লাইফ ট্রাষ্ট আৰু দুধৱা লাইফ ইন নামৰ সংস্থাকেইটাৰ আহ্বান মৰ্মে ২০১০ চনৰ পৰা ২০ মার্চৰ দিনটো বিশ্ব ঘৰচিৰিকা দিৱস ৰূপে পালন কৰি অহা হৈছে । ২০১৩ চনত অস্তিত্বৰ সংকটত ভোগা ঘৰচিৰিকা চৰাইক দিল্লী চৰকাৰে দিল্লীৰ ৰাজ্যিক পক্ষীৰ মৰ্যাদা প্ৰদান কৰিছে ।