ETV Bharat / state

বাঁহীত সুৰ তুলিব নোৱৰা হ'ল ! জীৱন নিৰ্বাহৰ পথ লাগে আন্তঃৰাষ্ট্ৰীয় শিল্পী দীপক শৰ্মাক - DIPAK SARMA URGES TO ASSAM CM

এসময়ত বাঁহীৰে জগত জিনা আন্তঃৰাষ্ট্ৰীয় শিল্পীগৰাকীৰ বাঁহীৰে বহু দিন সৃষ্টি হোৱা নাই সুৰৰ লহৰ । ৰোগ আৰু একাকীত্বই কোঙা কৰা শিল্পীগৰাকীৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান ।

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2025, 8:40 PM IST

গুৱাহাটী : সুৰৰ মূৰ্চনাৰে আনক জীয়াই থকাৰ প্ৰেৰণা যোগোৱা শিল্পীগৰাকী এতিয়া নিজেই জীৱন নিৰ্বাহৰ চৰম সংকটত ভুগিছে । হাতৰ বাঁহীটোৰে জগত জিনা এইগৰাকী শিল্পীয়ে এতিয়া পেটৰ তাড়নাত দিকবিদিক হেৰুৱাইছে । এফালে চিকিৎসাৰ খৰচ, আনফালে নিজৰ প্ৰিয় বাঁহীটোত সুৰৰ যাদু সৃষ্টি কৰিবলৈ অপাৰগ হৈ পৰা শিল্পীগৰাকী চৰম আৰ্থিক সংকটত ভুগিছে । যাৰ বাবে ৰজাঘৰৰ শৰণাপন্ন হ'বলগা হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা ।

চৰকাৰী সংস্থাপন বিচাৰি মুখ্যমন্ত্ৰীক সমাজিক মাধ্যমযোগে আহ্বান জনাইছে আন্তঃৰাষ্ট্ৰীয় মঞ্চক প্ৰতিনিধিত্ব কৰি সমাদৰ লভা তথা বাঁহীৰে জগত জিনা শিল্পী দীপক শৰ্মাই । সোমবাৰে এক ফেচবুক পোষ্টৰ জৰিয়তে বিশিষ্ট শিল্পীগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ চৰকাৰী সংস্থাপনৰ বাবে আহ্বান জনাইছে ।

পোষ্টটোত তেওঁ উল্লেখ কৰিছে, "মোৰ লগৰ পংকজ শর্মাই অকালতে আমাক এৰি থৈ গ'ল । ময়ো মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক কাতৰ অনুৰোধ জনালোঁ মোক অতি সোনকালে এটি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে যেন ।"

উল্লেখ্য যে কিছুদিন পূৰ্বে এক ফেচবুক পোষ্টৰ জৰিয়তে শিল্পীগৰাকীৰ তীব্ৰ আৰ্থিক সংকটৰ কথা জনাইছিল । সেই সময়ত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিল্পীগৰাকীয়ে জনাইছিল তেওঁৰ আৰ্থিক সংকটৰ কথা । লগতে অনুষ্ঠান আদি নোহোৱা হোৱাৰ বাবে শিল্পীগৰাকীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ কথাও অৱগত কৰিছিল । লগতে চৰকাৰী সংস্থাপন বিচাৰি সংগীত বা সাংস্কৃতিক বিভাগত এটা চাকৰি দি সহায় কৰিবলৈও আহ্বান জনাইছিল বাঁহীবাদক দীপক শৰ্মাই ।

এটা সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল বাঁহীবাদক দীপক শৰ্মা । দীপক শৰ্মা বুলিলেই হাতৰ বাঁহীটো আৰু সেই বাঁহীত তোলা সুৰৰ মূৰ্চনাই দেশ-বিদেশত সুৰৰ লহৰ তুলিছিল । কিন্তু নিয়তিৰ ৰোষত পৰি থমকি ৰৈছিল তেওঁৰ হাতৰ বাঁহী, দুই ওঁঠৰ সুৰৰ মূৰ্চনা । কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাঁহীৰে জগত জিনা শিল্পী দীপক শৰ্মা আজি যেন পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ ওলাইছে । যকৃত সংৰোপণৰ বাবে দীৰ্ঘদিন ধৰি যথেষ্ট টকা ব্যয় কৰিবলগীয়া হৈছে দীপক শৰ্মাই ।

উল্লেখ্য যে ২০২৩ বৰ্ষৰ পৰা গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছে দীপক শৰ্মা । গুৰুতৰভাৱে অসুস্থ হৈ তেওঁ কেইবাবাৰো চিকিৎসাধীন হ'বলগা হৈছে । আনহাতে, যোৱা বছৰ জানুৱাৰী মাহত বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ এককালীন অনুদান আগবঢ়োৱা হৈছিল । চিকিৎসালয়লৈ গৈ অসুস্থ দীপক শৰ্মাক সাক্ষাৎ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই এই অনুদান প্ৰদান কৰিছিল ।

উল্লেখ্য যে যকৃত আৰু জণ্ডিচকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ বিগত সময়ছোৱাত চিকিৎসাধীন হৈ আছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা ।

তেওঁৰ ৰোগৰ ব্যয়বহুল চিকিৎসাৰ বাবে চৰকাৰৰ সাহায্য বিচাৰি আবেদন জনাইছিল । ইয়াৰ উপৰি দীপক শৰ্মাক উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈও নিয়া হৈছিল ।

লগতে পঢ়ক :Financial Aids to Dipak Sarma : দীপক শৰ্মাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ ১ লাখ অনুদান - Dipak Sarma given aids from CM relief fund
লগতে পঢ়ক :হৃদয় বিদাৰক ঘটনা ; শুই থকা অৱস্থাতে ভস্মীভূত হ'ল মহিলা, আহত স্বামী - TRAGIC INCIDENT IN DIBRUGARH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.