Zubeen Garg Birthday: ৰক্তদানেৰে ডিব্ৰুগড়ত জুবিনৰ জন্মদিন উদযাপন

By

Published : Nov 19, 2022, 11:55 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ভৰি দিছে ৫০ বছৰত(Zubeen Garg age) । জুবিনৰ জন্মদিন উপলক্ষে জুবিন ফেন ক্লাৱে ডিব্ৰুগড়ত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে(Zubeen Garg Birthday) । অসম চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ লগতে ৰক্তদানো কৰে ডিব্ৰুগড়ৰ জুবিন ফেন ক্লাৱৰ সদস্যসকলে । ডিব্ৰুগড় জিলা জুবিন গাৰ্গ ফেন ক্লাৱে ৰক্তকণিকাৰ সহযোগত অনুষ্ঠিত ৰক্তদান কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ জুবিন অনুৰাগীসকল উপস্থিত থাকে(Zubeen Garg birthday celebrated in Dibrugarh) । সকলোৱে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীৰ দীৰ্ঘায়ু কামনা কৰে । ইফালে, নিজৰ পিঠিত আঁকি লোৱা জুবিন গাৰ্গৰ টেটু প্ৰদৰ্শন কৰে অনুপ চেতিয়া নামৰ এজন অনুৰাগীয়ে । ডিব্ৰুগড় নগৰৰ সেউজপুৰৰ অনুপ চেতিয়াই যোৱা বৰ্ষত জুবিন গাৰ্গৰ ৪৯ তম জন্মদিন উপলক্ষে নিজৰ শৰীৰত জুবিন গাৰ্গৰ টেটু অংকন কৰি জুবিন গাৰ্গৰ আগত প্ৰদৰ্শন কৰিছিল ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.