Youth Missing in Dibrugarh: ৯ দিনে সন্ধান নাই মৰাণৰ যুৱকৰ - Youth missing in Moran

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 16, 2023, 10:46 PM IST

মৰাণ, ১৬ মাৰ্চ: ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ প্ৰসূতি ৰখীয়া হ'বলৈ গৈ ৯ দিনে সন্ধান হৈ আছে মৰাণৰ এজন যুৱক । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতি ৰখীয়া হিচাপে যোৱা মৰাণৰ সমীপৰ খোৱাং কাঁ‌চিপথাৰৰ সুনীল মুণ্ডা (৩৭) নামৰ যুৱকজন যোৱা ৯ দিনে সন্ধানহীন হৈ আছে (Youth missing from AMCH)। পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি কাঁ‌চিপথাৰৰ প্ৰয়াত নগেন মুণ্ডাৰ পুত্ৰ সুনিল মুণ্ডাই খুড়াকৰ পুত্ৰ আৰু বোৱাৰীয়েকৰ সৈতে যোৱা ২৮ ফেব্ৰুৱাৰীত অসম চিকিৎসা মহাবিদ্যালয়লৈ গৈছিল ।  

মহিলাগৰাকীক প্ৰসূতি বিভাগত ভৰ্তি কৰোৱাৰ পিছত ভ্ৰাতৃৰ সৈতে সুনীল মুণ্ডাই অসম চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ চৌহদতে দিন কটাইছিল ( Assam Medical College Hospital) । কিন্তু যোৱা ৪ মাৰ্চৰ পুৱতি নিশাৰ পৰা হঠাৎ সন্ধানহীন হৈ পৰে যুৱকজন । পৰিয়ালৰ লোকে বৰবাৰী আৰক্ষী চকীত যুৱকজন সন্ধানহীন হোৱা অৱগত কৰিছে যদিও আজিলৈকে সন্ধান ওলোৱা নাই যুৱকজনৰ (Youth missing in Moran)। যাৰবাবে চিন্তিত হৈ পৰিছে পৰিয়ালটো । কোনো লোকে যুৱকজনৰ সন্ধান পালে স্থানীয় আৰক্ষী থানাৰ লগতে 7896130700 নাম্বাৰত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

লগতে পঢ়ক:Kavitha to appear before ED today: আজি দ্বিতীয়বাৰৰ বাবে EDৰ জেৰাৰ সন্মুখীন হ’ব কে কবিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.