Odisha train accident:ওড়িশা ৰে'ল দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা শোণিতপুৰৰ যুৱকৰ - ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত শোণিতপুৰৰ ষুৱক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 3, 2023, 5:50 PM IST

Updated : Jun 3, 2023, 7:38 PM IST

তেজপুৰ, ৩ জুন: ওড়িশাৰ বালাছোৰ জিলাৰ বাহানাগাত সংঘটিত তিনিখন ৰে'লৰ দুৰ্ঘটনাৰ পিছত মৃত্যুৰ দুৱাৰমুখৰ পৰা উভতি আহিছে শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ উত্তৰ মৰলগাঁৱৰ এজন যুৱক (Youth of Assam injured in  Odisha train accident)। ওড়িশাৰ বালাছোৰ জিলাৰ চিকিৎসালয়ৰ পৰা দুৰ্ঘটনাৰ জীৱন্ত সাক্ষী ৰূপক দাসে এই ঘটনাটোৰ বিষয়ে বৰ্ণনা কৰিছে।

ৰূপক দাসে শুক্ৰবাৰে বিয়লি ৩.৩০ বজাত কলকাতাৰ শ্বালিমাৰ ৰে'ল ষ্টেচনৰ পৰা চেন্নাইলৈ বুলি যাত্ৰা কৰিছিল । সন্ধিয়া পৰা ৭ বজাত ওড়িশাৰ বালাছোৰ ৰে'ল ষ্টেচন পাৰ হোৱাৰ পিচত তেওঁলোকৰ ৰে'লখন লাইনৰ পৰা বাগৰি পৰে । তেওঁ থকা ডৱাটো ৰে'ল লাইনৰ পৰা জংঘলত পৰেগৈ । ৰূপক দাসে নিজৰ বহি থকা ছীটটোত সাৱতি বাগৰি পৰে । তেওঁ বৰ্ণনা কৰি কয় যে তেওঁলোকৰ সন্মুখৰ ডবাটো সম্পূৰ্ণৰূপে বাগৰি পৰে । তেওঁ হাতত আৰু বুকুত আঘাত পাইছে । তেওঁ বৰ্তমান উশাহ লোৱাত কষ্ট হোৱাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক:Poor health center condition: খোদ স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিতেই ভূত বাংলালৈ পৰিণত হৈছে উপ-স্বাস্থ্য কেন্দ্ৰ

Last Updated : Jun 3, 2023, 7:38 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.