বিশ্বকাপত ভাৰতীয় দলৰ পৰাজয়ৰ বাবে গুৱাহাটীত যুৱকৰ মৃত্যু
🎬 Watch Now: Feature Video
গুৱাহাটী, 20 নৱেম্বৰ : দেওবাৰে অনুষ্ঠিত আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচত ভাৰতীয় দলৰ পৰাজয়ৰ দুখত যুৱকৰ মৃত্যু ৷ বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলৰ পৰাজয় সহিব নোৱাৰি গুৱাহাটী সাউকুছিত মৃণাল মজুমদাৰ নামৰ এজন যুৱকৰ মৃত্যু হয় ৷
নিহত মৃণালৰ পৰিয়ালৰ লোকে জনোৱা মতে, খেল চাই নিশা 11 বজাত শুবলৈ গৈছিল মৃণালে ৷ কোনো বেমাৰ নথকা মৃণালে পুৱা দেৰিলৈকে শুই উঠা নাছিল ৷ যাৰ বাবে মৃণাল শুই থকা ৰুমটোৰ দৰ্জা ভাঙি প্ৰৱেশ কৰিব লগা হ’ল পৰিয়ালৰ লোক ৷ তেতিয়াই মৃণালক মৃত অৱস্থাত প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকে ৷ লগে লগে মৃণালক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল যদি চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
মৃত মৃণাল মজুমদাৰ বিৰুবাৰী আই টি আইৰ ছাত্ৰ আছিল ৷ আনহাতে নিহত মৃণালৰ বন্ধুবৰ্গৰ মতে, বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলৰ পৰাজয়ৰ বাবে মৃণালৰ মৃত্যু হোৱা নাই ৷ কোনো বেমাৰ নাচিল যদিও কি কাৰনে মৃত্যু হ’ল এতিয়াও জানিব পৰা হোৱা নাই বুলি উল্লেখ কৰে নিহত মৃণালৰ বন্ধুৱে ৷
লগতে পঢ়ক:ক্ৰাইম ব্ৰাঞ্চৰ তৎপৰতাত মহানগৰীৰ সিজুবাৰীত উদ্ধাৰ হাতীগাঁৱৰ পৰা অপহৃত শিশু