Protest at Moran : নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগত মৰাণত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ যুৱ কংগ্ৰেছৰ - যুৱ কংগ্ৰেছ
🎬 Watch Now: Feature Video
Published : Sep 4, 2023, 7:02 PM IST
ডিব্ৰুগড়, 4 ছেপ্টেম্বৰ : ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে নিবনুৱাক নিযুক্তি দিয়াৰ নামত চৰম দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলি সোমবাৰে মৰাণ নগৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে যুৱ কংগ্ৰেছে ৷ চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ সৈতে টনা-আঁজোৰাত লিপ্ত হয় প্ৰতিবাদকাৰীসকল ৷
চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি লৈ মৰাণ নগৰৰ মাজেৰে সমদল কৰি আহি মৰাণ ট্ৰেফিক তিনিআলিত প্ৰতিকৃতি দাহ কৰাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ চেষ্টা কৰে ৷ এই লৈ দুয়োপক্ষৰ মাজত টনা-আঁজোৰা হয় ৷ পিছত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে যুৱ কংগ্ৰেছৰ কৰ্মীসকলে ৷
নিবনুৱাক সংস্থাপনৰ নামত খুদ বিজেপিৰে একাংশ নেতা-পালিনেতাই চাকৰিৰ ক'লা বজাৰ গঢ়ি তোলা কাৰ্যই বিজেপি দলৰ প্ৰকৃত স্বৰূপ উদঙাইছে বুলি মন্তব্য কৰে যুৱ কংগ্ৰেছৰ কৰ্মীসকলে ৷ কাৰ্যসূচীত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰতীম সোনোৱালসহ কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : Protest at Kalgachia : কলগাছিয়াত শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি আমছুৰ তীব্ৰ প্ৰতিবাদ