Extra Marital Relationship: পৰস্ত্ৰীৰ প্ৰেমত পৰি ঔকিল খালে যুৱকে

By

Published : Mar 19, 2023, 10:49 AM IST

thumbnail

গুৱাহাটী,১৯ মাৰ্চ: পৰস্ত্ৰীক পলুৱাই নিবলৈ আহি ৰাইজৰ ঔকিল খালে এজন যুৱকে । ঘটনা মহানগৰীৰ বেলতলাৰ ৰাজপথৰ । জানিবপৰা মতে টিহুৰ সমীপৱৰ্তী উজ্জ্বল দাসে ছবছৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক সূত্ৰে বিবাহ কৰাইছিল মঞ্জলি ছেত্ৰী নামৰ এগৰাকী যুৱতীক (Extra Marital Relationship in Guwahati) । কিন্তু শেহতীয়াকৈ উজ্জ্বলৰ পত্নী তথা এটি সন্তানৰ মাতৃ মঞ্জলিয়ে পুনৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে স্বামীৰ গাঁৱৰে উৎপল কলিতা নামৰ আন এজন যুৱকৰ সৈতে ।  

এই সকলো কথা স্বামী উজ্জল দাসে এমাহ পূৰ্বে অৱগত হোৱাত পত্নী সন্তানক গুৱাহাটীৰ ভাড়া ঘৰলৈ লৈ আহে । পিচে প্ৰেমৰ এঠা নুগুছেহে নুগুছে । মঞ্জলিয়ে স্বামীৰ অজ্ঞাতে অবৈধ প্ৰেমীক উৎপল কলিতাৰ লগত চলাই গৈছিল বিবাহ বৰ্হিভূত সম্পৰ্ক (Tense situation over Extra Marital Affair) । সেই তাড়নাতে উৎপল কলিতা আহিল মঞ্জলি ছেত্ৰী কলিতা নামৰ এটি সন্তানৰ মাতৃ গৰাকীক পলুৱাই নিবলৈ ।  

পিছে কঁপাল বেয়া আছিল দুয়োৰে  ৷ মঞ্জলিৰ স্বামী উজ্জ্বল দাসে বেলতলাৰ ৰাজপথত ধৰি প্ৰেমিক উৎপলক সোধালে উত্তম-মধ্যম । ফলত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিবেশৰ । ইফালে অন কেমেৰা মঞ্জলিয়ে পলাই যাবলৈ অহা কথা স্বীকাৰ কৰে যদিও পৰৱৰ্তী সময়ত ভাষ্য সলনি কৰে । পৰৱৰ্তী সময়ত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ তিনিওকে আৰক্ষী থানালৈ লৈ যায় (extra marital affairs) । 

লগতে পঢ়ক: HSLC Paper leak case: ৰাজ্যজুৰি প্ৰতিবাদৰ জুই, ছেবা আৰু চৰকাৰক ধিক্কাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.