Ganga Vilas arrived in Jorhat : যোৰহাট নিমাতী ঘাটত উপস্থিত এম ভি গংগা বিলাস - MV ganga vilas
🎬 Watch Now: Feature Video
যোৰহাট, ২৭ ফেব্ৰুৱাৰী: ২৭ জন ছুইজাৰলেণ্ডৰ আৰু এজন জাৰ্মান পৰ্যটকক লৈ আজি যোৰহাটত উপস্থিত হয় প্ৰমোদতৰী এম ভি গংগা বিলাস (MV Ganga Vilas arrived in Jorhat) ৷ বিগত ১৭ ফেব্ৰুৱাৰীত অসমত প্ৰৱেশ কৰা এম ভি গংগা বিলাসে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰা কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰ প্ৰাকৃতিক বিনন্দীয়া পৰিবেশ উপভোগ কৰি আজি যোৰহাট নিমাতী ঘাটত উপস্থিত হয় । নিমাতী ঘাটত উপস্থিত হোৱা বিদেশী পৰ্যটক দলটোক যোৰহাট জিলা প্ৰশাসনে উষ্ম আদৰণি জনায় ৷
এম ভি গংগা বিলাসৰ প্ৰত্যকজন বিদেশী পৰ্যটকক যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা অসমীয়া পৰম্পৰাগত সাজপাৰেৰে আদৰণি জনায় । জিলা প্ৰশাসনে জনোৱা আদৰণিত আপ্লুত হৈ বিদেশী পৰ্যটক দলটোৱে যোৰহাট জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে । পৰ্যটকৰ দলটোৱে নিমাতীঘাটত ক্ষন্তেক সময় জিৰণি লৈ পথ পৰিবহণৰ যোগেদি শিৱসাগৰলৈ ৰাওনা হয় । উক্ত পৰ্যটকৰ দলটোৱে শিৱসাগৰত আহোম শাসনৰ চিৰযুগমীয়া ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰৰ লগতে অন্যান্য পৰ্যটন ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিব ৷
শিৱসাগৰ ঐতিহ্যমণ্ডিত পুৰাতাত্ত্বিক স্থানসমূহ পৰিদৰ্শন কৰি জাহাজখনৰ ২৮ জন বিদেশী পৰ্যটকে দিচাংমুখৰ পৰাৰ পুন ডিব্ৰুগড়লৈ যাত্ৰা কৰিব (River tourism in Assam) । বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুইজ এম ভি গংগা বিলাসৰ (World's longest river cruise Ganga Vilas) জনসঞ্চালক বিষয়াগৰাকীয়ে জাহাজখনত অসমীয়া ৰান্ধনী থকাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ এম ভি বিলাসৰ বিদেশী পৰ্যটকসকলে খুব সুন্দৰ সময় অতিবাহিত কৰাৰ কথা ব্যক্ত কৰে (MV Ganga Cruise in Assam) ৷
উল্লেখ্য যে, ভাৰতৰ পৰা বাংলাদেশ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ পাছত বিলাসী জাহাজখনে অসমত ইতিমধ্যে প্ৰায় ৫০০ কিলোমিটাৰ যাত্ৰা কৰিছে (World longest distance river cruise) । ডিব্ৰুগড়ত তেওঁলোকৰ এই যাত্ৰাৰ সামৰণি পৰিব আৰু তাৰপৰা তেওঁলোকে নিজ নিজ গন্তব্যস্থললৈ যাত্ৰা কৰিব ৷
লগতে পঢ়ক : MV Ganga Vilas in Lakhimpur: লখিমপুৰত উপস্থিত বিলাসী জাহাজ এম ভি গংগা বিলাস