উৰুকাৰ এনিশা পূৰ্বে গুলী ফুটাই গঞাক কি কি সৰ্তকবাণী দিলে বন বিভাগে - RHINO SCARE IN MAJULI
🎬 Watch Now: Feature Video
Published : Jan 13, 2025, 1:17 PM IST
মাজুলী: আজি ভোগালী বিহুৰ উৰুকা । সমগ্র ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো ভোগালীক লৈ উখল-মাখল পৰিবেশে বিৰাজ কৰিছে । ভোগালী বিহুক আদৰিবলৈ সাজু হোৱাৰ মাজতে মাজুলীত বাঘ আৰু গঁড়ৰ আতংক । পূব মাজুলীৰ শালমৰা আৰু দক্ষিণপাট অঞ্চলত বাঘ আৰু গঁড়ৰ অৱস্থিতিৰ তথ্য লাভ কৰিছে মাজুলী জিলাৰ বন বিভাগে ।
দেওবাৰে দিনৰ ভাগত শালমৰা বন বিভাগৰ ৰিজাৰ্ভত গৰু আক্ৰমণ কৰে বাঘে । ইয়াৰ পাছত নিশা বন বিভাগৰ লোকে উক্ত অঞ্চলত পহৰা দিয়াৰ লগতে ফটকা আৰু গুলী ফুটাই বাঘ খেদাৰ চেষ্টা চলায় ৷ বন বিভাগৰ লোকে লগতে ৱাটছএপ গ্ৰুপযোগে স্থানীয় লোকক উৰুকাৰ মেজিৰ বাবে খৰি সংগ্ৰহ কৰিবলৈ বা অন্য কাৰণত ৰিজাৰ্ভত প্ৰৱেশ নকৰিবলৈ আহ্বান জনায় । আনহাতে, এটা গঁড়ে আজি কেইবাদিনো ধৰি অফলামুখ অঞ্চলত বিচৰণ কৰাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।