ETV Bharat / state

ভোগৰ জলপানৰ সোৱাদ বিচাৰি যাওঁ আহক ভোগালীৰ থলুৱা বজাৰলৈ - BHOGALI BIHU 2025

যান্ত্ৰিকতাৰ মাজত থলুৱা ভোগৰ জলপানৰ সোৱাদ দিবলৈ মহিলাৰ এখন বিশেষ ভোগালীৰ বজাৰ ৷ লাড়ু-পিঠা কিযে নাই এই বজাৰত ৷

Shoppers Flock To Markets To Buy Ready made Bhogali jolpan in Tinsukia
মাঘ বিহুৰ উৰুকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 13, 2025, 2:02 PM IST

তিনিচুকীয়া : আজি ভোগৰ উৎসৱ ভোগালীৰ উৰুকা, কাইলৈ বিহু ৷ ভোগালী বিহুৰ বাবে ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ কোনোৱে যদি মন পছন্দৰ মাছটো কিনিবলৈ মাছৰ বজাৰত মাজনিশাৰ পৰাই খাপ পাতিছে, আন কোনোৱে আকৌ ভিৰ কৰিছে লাড়ু-পিঠাৰ বিপণিত ৷

ভোগালীৰ এই বতৰত বাণিজ্যিক চহৰ তিনিচুকীয়াত গঢ়ি উঠিছে মহিলাৰ এখন বিশেষ বজাৰ ৷ বাণিজ্যিক চহৰখনৰ কাষৰীয়া গাঁও পানীতোলা, বৰুৱাহোলা, গুইজান, নতুন ৰংগাগড়া, বাৰেকুৰি, লাইপুলিকে ধৰি বহুকেইখন গাঁৱৰ মহিলাই ঘৰতে নিজ হাতেৰে ভোগালীৰ জলপান প্ৰস্তুত কৰি লৈ আহিছে বজাৰলৈ বুলি ৷

মাঘ বিহুৰ বজাৰ (ETV Bharat Assam)

তিনিচুকীয়া প্ৰাণকেন্দ্ৰ থানা চাৰিআলিৰ সমীপৰ জি এন বি পথৰ কাষত অৰ্ধশতাধিক মহিলাই চহৰখনৰ লগতে বিভিন্ন প্ৰান্তৰ লোকসকলক যান্ত্ৰিকতাৰ মাজতো ভোগালীৰ প্ৰকৃত সোৱাদ লোৱাৰ সুবিধা কৰি দিছে ৷ তিনিদিনৰ বাবে গঢ়ি উঠা মহিলাৰ এই বিশেষ বজাৰখনত কি কিযে নাই ৷ ভোগালীৰ জলপান চিৰা, তিলৰ পিঠা, সকলো প্ৰকাৰৰ লাড়ুৰ লগতে কাঠ আলু, মিঠা আলু, কোমল চাউল, বৰ পিঠাকে ইত্যাদি সকলো সামগ্ৰীয়ে উপলব্ধ হৈছে ৷

এগৰাকী বিক্ৰেতাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘প্ৰতিবাৰৰ দৰে এইবাৰো বহু মহিলাই ঘৰতে নিজ হাতেৰে প্ৰস্তুত কৰা ভোগালীৰ জলপান লৈ এই বজাৰলৈ আহিছে ৷ বিগত বৰ্ষতকৈ এইবাৰৰ পিঠাসমূহৰ দাম কিছু বাঢ়িছে ৷ কিন্তু অন্য প্ৰতিষ্ঠান বা ঠাইতকৈ এই বজাৰখনত কম মূল্যত গ্ৰাহকে পিঠা লাভ কৰিব ৷’’

বিক্ৰেতাগৰাকীয়ে আৰু কয়, ‘‘ঘৰৰ পৰাই এই পিঠাসমূহ বিক্ৰী হৈ যায় ৷ কিন্তু এই বজাৰলৈ আহি ভাল লাগে ৷ সকলোকে লগ পোৱা যায় ৷’’

লগতে পঢ়ক : ৪৬ হাজাৰ টকাৰ এটা চিতল মাছ

লগতে পঢ়ক : মাঘ বিহুৰ উৰুকা : ভোগালীৰ ভোগ বিচাৰি মহানগৰীৰ বজাৰত গ্ৰাহকৰ ভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.