গুৱাহাটী : চেণ্টাৰ ফৰ ইণ্ডিয়ান ক্লাছিকেল ডান্সেছ (CICD)ৰ নেতৃত্বত প্রখ্যাত ভাৰতীয় শাস্ত্রীয় নৃত্যশিল্পী তথা ভাৰতনাট্যম আৰু ওডিছি গুৰু ড৹ সোণাল মানসিঙে প্রশংসিত শাস্ত্রীয় নৃত্য ‘ভৱ-গংগা’ মন্ত্রমুগ্ধ কৰিলে মহানগৰবাসীক । উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্রালয়ৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য । লগতে উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ পত্নী কুমুদ দেৱী, এন ই চিৰ অর্থনৈতিক উপদেষ্টা শ্বেৰী লালথাংজো, অসম ৰাজ্যিক তথ্য আয়োগৰ প্ৰাক্তন মুখ্য আয়ুক্ত হিমাংশু শেখৰ দাস, অসমৰ প্ৰাক্তন মুখ্য সচিব টি ৱাই দাস ।
ড৹ সোণাল মানসিঙে ‘ভৱ-গংগা’ ৰ আঁৰৰ ধাৰণাটো বুজাই কয়, “ভৱ-গংগা মানৱতাক সংযোগ কৰিবলৈ শিল্পৰ চিৰস্থায়ী শক্তিৰ প্রমাণ । এই উপস্থাপনৰ জৰিয়তে দর্শকক আমাৰ সাংস্কৃতিৰ শক্তি আৰু সমন্বয়ে আকর্ষিত কৰিবলৈ অনুপ্রাণিত কৰিব বুলি আশা কৰিলো । ই কেৱল এটা পৰিবেশন নহয় বৰঞ্চ ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক সত্তাৰ যাত্রা ।”

এই অনুষ্ঠানটোত কৌশল, ছন্দ আৰু ভক্তিৰ মিশ্ৰণত উপস্থিত দৰ্শকসকল মন্ত্ৰমুগ্ধ হৈ পৰিছিল । ড° মানসিঙৰ ধাৰণাৰে ভৱ-গংগাই ভাৰতীয় পৰম্পৰাৰ জৰিয়তে শাস্ত্ৰীয় নৃত্য, সংগীত আৰু আখ্যানমূলক কাহিনীক একত্ৰিত কৰিছে । এই অনুষ্ঠানে অসমৰ কলাত্মক সত্তাক ভাৰতৰ বহল পৰম্পৰাৰ সৈতে সংযোগ কৰি দৰ্শকৰ মাজত চিৰস্থায়ী ছাপ পেলায় ।
পদ্ম বিভূষণ আৰু পদ্মভূষণ বঁটা লাভ কৰা ড০ মানসিঙে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে । ভৱ-গংগা কাৰ্যসূচীৰ দৰে পদক্ষেপৰ জৰিয়তে অসমৰ সৈতে তেওঁৰ চিৰস্থায়ী সংগই ভাৰতীয় শিল্পৰ লগত সম্পৰ্ক গঢ়ি তুলিছে ।

‘ভৱ-গংগা’ কি ?
ভূগোলৰ দ্বাৰা সমৃদ্ধ আৰু এখন গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপর্যৰ ভূমি ভাৰতবৰ্ষ । ভৱ-গংগাই এই কালজয়ী আখ্যানৰ প্ৰবাহক মূর্ত কৰি তুলিছে, প্রাচীন অতীতক বৰ্তমানৰ প্রসংগ আৰু প্ৰাসংগিকতাৰ সৈতে নিৰৱচ্ছিন্নভাৱে সেতুবন্ধন কৰিছে । ঐতিহাসিক অৱহেলাৰ বাবে হয়তো উপেক্ষা বা পাহৰি যোৱা সূক্ষ্মতা আৰু ব্যাখ্যা উন্মোচন কৰে ‘ভৱ-গংগা’ই ।
‘ভৱ-গংগা’ত অন্বেষণ কৰা আখ্যানসমূহ হ'ল - অংগাৱতৰণ (গংগাৰ অৱতৰণ), কেৱত প্রসংগ (সৌভাগ্যৱান নাৱৰীয়া) আৰু বাৰাণসী (দেৱী অন্নপূর্ণা আৰু শিৱ মহাদেৱৰ ঐশ্বৰিক সংঘ)। এই কাহিনীবোৰে একেলগে এক পবিত্র ধাৰাবাহিকতা গঠন কৰে আৰু সৃষ্টিৰ বহুবর্ষজীৱী প্রবাহক পুনৰ জগাই তোলে ।
উল্লেখ্য যে, ২০২০ চনত অসমৰ অন্যতম সর্বোচ্চ সাংস্কৃতিক প্রশংসা শ্রীমন্ত শংকৰদেৱ বঁটাৰে সম্মানিত কৰা হয় শিল্পীগৰাকীক ।