গুৱাহাটী : সাংসদ তথা লোকসভাত বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত পুনৰ মুখ খুলিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে আগন্তুক তিনি মাহত তেওঁ অভিযোগ কৰা সাংসদ গৌৰৱ গগৈৰ পত্নীৰ সৈতে সম্পৰ্কিত পাকিস্তানী নাগৰিক আলী শ্বেখৰ বিষয়ে অধিক তথ্য প্ৰকাশ কৰিব । চলিত বাজেট অধিৱেশনৰ সময়ত মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত এই কথা কয় ।
"মই অসম বিধানসভাৰ মজিয়াত প্ৰতিশ্ৰুতি দিছো যে তিনি মাহৰ ভিতৰত আমি আলী শ্বেখ-মাননীয় সাংসদ বিষয়ত চমকপ্ৰদ তথ্য প্ৰকাশ কৰিম, যি তথ্যই অসমৰ সকলোকে হতবাক কৰিব ।" মুখ্যমন্ত্ৰীয়ে কয় । পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখ সন্দৰ্ভত কিছু তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ কমেও ১৮ বাৰ ভাৰত ভ্ৰমণ কৰিছিল ।
"এছ আই টি গঠন হোৱাৰ মাত্ৰ তিনি দিনৰ ভিতৰতে আমি আৱিষ্কাৰ কৰিছো যে আলী তৌকীৰ শ্বেখ ২০১০ চনৰ পৰা ২০১৮ চনৰ ভিতৰত ১৮ বাৰ ভাৰতলৈ আহিছিল । এতিয়া আমি জানিব পাৰিম যে কোনে তেওঁক ভাৰতলৈ লৈ আহিছিল আৰু কোনে তেওঁক আতিথ্য দিছিল । আমি এই আলী তৌকীৰ শ্বেখৰ নেটৱৰ্ক ভাঙিম আৰু পুনৰ আগষ্ট মাহত বিধানসভালৈ আহি এই তথ্য প্ৰদান কৰিম । আমি যি তথ্য আনিম সেয়া অতি বৃহৎ হ'ব । মই তথ্যবোৰ জানো, কাৰণ অনানুষ্ঠানিকভাৱে সেইবোৰ মোৰ লগত আছে । কিন্তু সেইবোৰ ৰেকৰ্ড হিচাপে থাকিব লাগিব । এই তথ্যবোৰ বৃহৎ মাত্ৰাত আৰু মাৰাত্মক হ'ব আৰু এই তথ্যই অসমৰ জনসাধাৰণক হতবাক কৰি তুলিব ।" মুখ্যমন্ত্ৰীয়ে কয় ।
উল্লেখ্য যে, কেবিনেটৰ সিদ্ধান্ত অনুসৰি ইতিমধ্যে অসম আৰক্ষীয়ে চি আই ডি পি এছ কেছ নং ০৫/২০২৫ ইউ/এছ ৪৮/১৫২/৬১/১৯৭(১) বি এন এছ, ২০২৩ আৰ ডব্লিউ ছেক.১৩(১) ইউ এ(পি) এক্টৰ অধীনত গোচৰ ৰুজু কৰিছে ।
আনহাতে, গোচৰটো পঞ্জীয়ন কৰাৰ পিছত অসম আৰক্ষীৰ ডি জি পিয়ে শেহতীয়াকৈ বিষয়টোৰ তদন্তৰ বাবে এক বিশেষ তদন্ত দলো (এছ আই টি) গঠন কৰিছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "অসম আৰক্ষীয়ে সম্পূৰ্ণ পেছাদাৰিত্ব আৰু বস্তুনিষ্ঠভাৱে তদন্ত কৰিব ।"
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে আলী শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিকে সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ সৈতে সম্পৰ্ক ৰাখিছিল ।
তেওঁ লগতে অভিযোগ কৰে যে পাকিস্তান চৰকাৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ উপৰি আলী শ্বেখে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা এক স্বেচ্ছাসেৱী সংগঠন ‘‘লীড পাকিস্তান’’ প্ৰতিষ্ঠা কৰিছিল । তেওঁ দাবী কৰিছিল যে ইছলামাবাদত কটোৱা সময়ছোৱাত এলিজাবেথ গগৈ ‘‘লীড পাকিস্তান’’ৰ এক অবিচ্ছেদ্য অংশ আছিল ।