ঢেঁকীৰ গুমগুমনিয়ে কঁপাইছে মাজুলী - BHOGALI BIHU 2025

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 6:54 PM IST

মাজুলী : সোমবাৰে উৰুকা । সমগ্র ৰাজ্যৰ লগতে সত্ৰপীঠ মাজুলীতো ভোগলীক আদৰিবলৈ সকলোৱে সাজু হৈছে । মাজুলীৰ প্ৰতিখন গাঁৱতে এতিয়া শুনিবলৈ পোৱা গৈছে ঢেঁকীৰ গুমগুমনি । ইফালে,গাঁৱৰ ডেকা-বুঢ়া সকলোৱে মিলি পথাৰৰ নৰা কাটি ভেলাঘৰ-মেজি তৈয়াৰ কৰাত ব্যস্ত । মুঠৰ ওপৰত এতিয়া ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী কাৰোৰে আজৰি নাই, সকলো ব্যস্ত ভোগলীক আদৰিবলৈ ।  

মাজুলীৰ প্ৰতিখন গাঁৱৰ জীয়ৰী-বোৱাৰী কোনো যদি ব্যস্ত ঢেঁকীশালত পিঠাগুড়ি খুন্দাত, কোনো আকৌ ব্যস্ত বিভিন্ন প্ৰকাৰৰ পিঠা তৈয়াৰ কৰাত । এই ব্যস্ততাৰ মাজতে জীয়ৰী-বোৱাৰীয়ে গাইছে বিহুনাম । হাঁহি-ধেমালিৰ মাজেৰে ভোগলীক আদৰিবলৈ সাজু হৈছে সকলো । 

বিহুৰ আয়োজনৰ ব্যস্ততাৰ মাজতে এগৰাকী মহিলাই ক'লে, "আধুনিকতাৰ ধামখুমীয়াত আমাৰ সমাজ জীৱনৰ পৰা কিছুমান বস্তু আজিৰ তাৰিখত হেৰাই গৈছে । কিন্তু এই বস্তুবোৰ হেৰাই যাবলৈ দিব নালাগে । আমাৰ সমাজ জীৱনৰ এই সম্পদবোৰক হেৰাই যাবলৈ দিব নালাগে । উঠি অহা প্ৰজন্মক আমাৰ সমাজ জীৱনৰ পৰা হেৰাই যাব খোজা এই সম্পদবোৰক চিনাকি কৰাই দিয়াটো প্রতিজন লোকৰে দায়িত্ব ।"

লগতে পঢ়ক:বজাৰত উপলব্ধ মেজি-ভেলাঘৰ - READY MADE MEJI AND BHELAGHAR

ৰহালৈ আহক, এবাৰ আপুনিও চাই যাওকহি ভগৱানৰ ব্যতিক্ৰমী ভেলাঘৰ - EXCEPTIONAL BHELAGHAR IN NAGAON

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.