Agro Workshop: কৃষকক কৌশলগতভাৱে সাজু কৰিবলৈ বিশেষ কৰ্মশালা - Workshop on application of modern techniques
🎬 Watch Now: Feature Video


Published : Oct 2, 2023, 10:40 PM IST
জোনাই, ২ অক্টোবৰ: কৃষকৰ উন্নয়নৰ বাবে কৃষি প্ৰযুক্তিত আধুনিক কৌশল প্ৰয়োগ সন্দৰ্ভত সোমবাৰে চিমেন চাপৰিস্থিত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত এক কৰ্মাশালা অনুষ্ঠিত হয় ৷ এই কৰ্মাশালাত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, গোগামুখ,ৰহাৰ মীন মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়,উদ্যান শস্য মহাবিদ্যালয় পাছিঘাট, লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়, ধেমাজি জিলা আৰু জোনাই মহকুমাৰ কৃষি, মীন, ৰেচম আৰু উদ্যান শস্য বিভাগৰ বিষয়াৰ লগতে ২৫ গৰাকী প্ৰগতিশীল কৃষকৰ অংশগ্ৰহণ কৰে ।
কৰ্মশালাৰ পূৰ্বে অনুষ্ঠিত সভাত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকা, জিলা আয়ুক্ত অংকুৰ ভৰালী, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ অধীক্ষক বিজ্ঞানী ড৹ লোহিত বৈশ্য, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী আদি ৷ ইয়াৰ পিছতে মূল কৰ্মশালা আৰম্ভ হয় ৷
কৰ্মশালাৰ জৰিয়তে জিলাখনৰ কৃষক সকলক কৌশলগতভাৱে সাজু কৰি তোলা তথা কৃষি আৰু আনুষঙ্গিক ক্ষেত্ৰখনৰ উন্নয়নয়ত যাতে আৰু এঢাপ আগুৱাই যাব পাৰে তাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় ৷ ইয়াৰ জৰিয়তে আগন্তক দিনত ধেমাজি জিলাৰ কৃষক সকলে কৃষি, মীন, ৰেচম আৰু উদ্যান শস্যৰ ওপৰত উন্নত কৃষি পদ্ধতি আৰু কৌশল আয়ত্ব কৰিব পাৰে সেই উদ্দেশ্যেৰে এদিনীয়া কৰ্মশালাখন অনুষ্ঠিত কৰা বুলি জানিব দিয়ে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰ মুখ্য বিজ্ঞানী ড৹ গুঞ্জন গগৈয়ে ৷
লগতে পঢ়ক: Nobel Prize in Medicine: কাটালিন কাৰিকো আৰু ড্ৰিউ ৱেইছমেনলৈ চিকিৎসা বিজ্ঞানৰ নোবেল