আমগুৰিৰ নামতিত উদ্বোধন বৰষা মহিলা সাপ্তাহিক বজাৰ - Women market open
🎬 Watch Now: Feature Video


Published : Dec 31, 2023, 2:18 PM IST
আমগুৰি, ৩১ ডিচেম্বৰ : নতুন বছৰৰ প্ৰাক্ক্ষণত এটা ইতিবাচক খবৰ ৷ আমগুৰিৰ নামতিত উদ্বোধন হ’ল মহিলাৰ দ্বাৰা পৰিচালিত এখন সাপ্তাহিক মহিলা বজাৰ ৷ গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ উদ্দেশ্য আগত ৰাখি আজি অৰ্থাৎ দেওবাৰে নামতিত উদ্বোধন হয় এই 'বৰষা মহিলা সাপ্তাহিক বজাৰখন ৷
ঘৰৰ ভিতৰতে আৱদ্ধ নাথাকি সমাজ সংগঠকৰ কাম কৰি সমাজখন সুস্থিৰ কৰি ৰাখিবৰ বাবে ওলাই আহিছে বহু মহিলা ৷ অঞ্চলটোৰ ২৭ টা আত্মসহায়ক গোটৰ মহিলাই জৈৱিকভাৱে উৎপাদন কৰা লাই, লফা, বেঙেনা, বীন, মূলা, জহা-বৰা, আইজুঙকে ধৰি বিবিধ পিঠা-পনা, গামোচা-মেখেলা-চাদৰকে ধৰি প্ৰয়োজনীয় সামগ্ৰী বিক্ৰীৰ বাবে আনিছে বজাৰলৈ ৷ সকলোৰে মুখত বিৰিঙিছে এক তৃপ্তিৰ হাঁহি ৷
উল্লেখ্য যে, প্ৰতি শনিবাৰে বহিব লগা এই সাপ্তাহিক বজাৰখনৰ প্ৰথম দিনটোতে কেইবা শতাধিক লোকৰ সমাগমে মহিলাসকলক উৎসাহিত কৰি তুলিছে ।
লগতে পঢ়ক : মাজুলী জিলা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন