Women trafficking: বিলাসীপাৰাত নাৰী সৰবৰাহকাৰীক আটক - Human Trafficker arrested in Bilasipara
🎬 Watch Now: Feature Video


Published : Oct 14, 2023, 4:55 PM IST
বিলাসীপাৰা,১৪ অক্টোবৰ: ৰাজ্যত অধিক সক্ৰিয় হৈছে নাৰী সৰবৰাহকাৰী চক্ৰ । বিলাসীপাৰাত আন্তঃৰাজ্যিক নাৰী সৰবৰাহকাৰী চক্ৰৰ সদস্যক গ্ৰেপ্তাৰ কৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্য । চক্ৰটোৰ কৱলৰ পৰা উদ্ধাৰ কৰা হয় এগৰাকী কন্য়াসন্তানসহ বোৱাৰীক উদ্ধাৰ । ১২ অক্টোবৰত বিয়লি ৪ বজাত বিলাসীপাৰাৰ চহৰৰ নাথপাৰাৰ বি এছ এফ জোৱানৰ পত্নীসহ ৬ বছৰীয়া কন্যা সন্তানক অপহৰণ কৰিছিল চক্ৰটোৱে । পিছত স্বামীৰ পৰিয়ালে অঞ্চলটোত বিচাৰ-খোঁচাৰ কৰি কোনো সম্ভেদ নাপাই বিলাসীপাৰাত থানাত দাখিল কৰিছিল এখন এজাহাৰ ।
দুৰ্ভগীয়া স্বামীৰ এজাহাৰ ভিত্তিত শুকুৰবাৰে নিশা ৰঙিয়া ৰে'ল আৰক্ষীয়ে বোৱাৰীগৰাকীক কন্যা সন্তানসহ উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী চক্ৰটোৰ এটা সৰবৰাকাৰীক আটক কৰিবলৈ সক্ষম হয় । অপহৰণকাৰীটো বিহাৰৰ সৌৰভ শৰ্মা বুলি জানিব পৰা গৈছে । বিহাৰৰ সৌৰভ শৰ্মা আন্তঃৰাজ্যিক নাৰী সৰবৰাহকাৰী চচক্ৰৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । অধিক তথ্যৰ বাবে বিলাসীপাৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: Attempt to rape case: হাপজান পৰ্বত চাহ বাগিচাত যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ