Wild elephant sick: বোকাত বন্দী গজৰাজ; মুক্তি বিচাৰি আৰ্তনাদ - Physically ill Elephant at Rangapara

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 2:12 PM IST

ৰঙাপৰা,৩১ আগষ্ট: শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ৰিংসাংপুৰত অসুস্থ অৱস্থাত নলাত আৱদ্ধ এটা বনৰীয়া হাতী । বিগত প্ৰায় চাৰিদিন ধৰি পাহাৰৰ মাজৰ এটা নলাত আবদ্ধ হৈ আছে বনৰীয়া হাতীটো । স্থানীয় লোকে ঘটনাৰ সন্দৰ্ভত বন বিভাগক খবৰ দিয়াৰ লগে লগে ৰিংসাংপুৰত উপস্থিত হয় বন বিভাগৰ এটা দল ।  

ইফালে চাৰিদুৱাৰৰ বন বিভাগে অসুস্থ বনৰীয়া হাতীটোক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে যদিও বৰ্তমানলৈকে সুস্থ হৈ উঠা নাই বনৰীয়া হাতীটো । বন বিভাগে সদৰী কৰা অনুসৰি হাতীটোৰ আগৰ ঠেং দুখনৰে চলাচল কৰিব নোৱাৰাৰ পিছত বনৰীয়া হাতীটো ক্ৰমাৎ অসুস্থ হৈ পৰিছে । বনৰীয়া হাতীটোক চিকিৎসা প্ৰদানৰে সুস্থ কৰি তুলিবলৈ স্থানীয় ৰাইজে বন বিভাগক দাবী জনাইছে । 

বগীজুলিৰ পৰা আঠ কিলোমিটাৰ নিলগত থকা বন্যহস্তীটোক স্থানীয় লোকে খাদ্যৰ যোগান ধৰিছে ৷ বন বিভাগৰ উন্নত চিকিৎসকৰ দলে হাতীটোৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা নকৰিলে অসুবিধাৰ সন্মুখীন হ’ব পাৰে ৷ 

লগতে পঢ়ক: Fake B.ed degree: বিতৰ্কত ছয়গাঁৱৰ বৰভিঠা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.