তিতাবৰত এক্সকেভেটৰেৰে বন্যহস্তী খেদিলে একাংশ লোকে - Wild elephant terror in Jorhat

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 9:33 AM IST

যোৰহাট, 23  নৱেম্বৰ : ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত ৷ বিশেষকৈ মৰিয়নী আৰু তিতাবৰৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাইছে ৷ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত উলাই অহা বন্যহস্তীয়ে তিতাবৰৰ ৰঙাজান গটঙাত বুধবাৰে নিশা উপদ্ৰৱ চলাই ৷ আনহাতে নিশাৰ ভাগত একাংশ লোকে বন্যহস্তী খেদাত ব্যস্ত থকা দেখা গ’ল ৷

ইফালে দুখনকৈ এক্সকেভেটৰেৰে বন্যহস্তী খেদিলে একাংশ লোকে ৷ কেৱল সিমানে নহয়, বন্যহস্তীৰ বৃহৎ জাকটোৰ পৰা পোৱালীসহ কেইবাটাও বন্যহস্তীক এক্সকেভেটৰেৰে পুখুৰীলৈ পেলাই দিলে ৷ তাৰ পাচত আনন্দ-উল্লাহ কৰা দেখা গ’ল উদণ্ড লোকৰ ৷ ইফালে বনকৰ্মীৰ উপস্থিতিত সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পাচতো কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে বন বিভাগে ৷ কেৱল নীৰৱ দৰ্শক হৈ চাই থাকিলে বন কৰ্মীসকলে ৷ যাৰ বাবে সচেতন ৰাইজৰ মাজত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক:ৰাজপথত চলন্ত অৱস্থাত জ্বলি উঠিল বিলাসী বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.