হোজাইত হাতী মানুহৰ সংঘাত; কথমপি প্ৰাণৰক্ষা দুৰ্গাৰ - Wild elephants roaming

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 12:46 PM IST

হোজাই, 4 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ বিশেষকৈ হোজাইৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ তাণ্ডৱৰ ফলত নিদ্ৰা হৰণ হৈছে জিলাবাসীৰ ৷ বুধবাৰে নিশা জিলাখনৰ বৰদলং নেপালী বস্তীত বনৰীয়া হাতীয়ে চলায় তাণ্ডৱ ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটোৰ 6 টাকৈ বাসগৃহ ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰে ৷

লগতে বাৰীৰ তামোল, নাৰিকল, অমিতা গছ আদিৰো অনিষ্ট সাধন কৰে বনৰীয়া হাতীৰ জাকটোৱে ৷ ইফালে বুধবাৰে নিশা হাতীৰ আক্ৰমণৰ ফলত কথমপি ৰক্ষা পৰে দুৰ্গা শৰ্মা নামৰ লোকজন ৷ হাতীৰ আক্ৰমণ সন্দৰ্ভত বন বিভাগৰ লোকক বাৰম্বাৰ খবৰ দিয়াৰ পাচতো কোনো সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷

উপায়ন্তৰ হৈ স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে বন্যহস্তীৰ আক্ৰমণৰ পৰা স্থায়ী পৰিত্ৰাণ পাবলৈ বন বিভাগক এই সন্দৰ্ভত উচিত ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক : জয়পুৰৰ নামচাং চাহ-বাগিচাত বনৰীয়া হাতীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.