thumbnail

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 8:34 AM IST

ETV Bharat / Videos

ডিব্ৰুগড়ত বনৰীয়া ম’হৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন

মৰাণ, 8 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ বলাইত বনৰীয়া ম’হৰ ত্ৰাস ৷ বনৰীয়া ম’হৰ আক্ৰমণত দুজন লোক গুৰুতৰভাৱে আহত হয় । জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া জিলাখনৰ কোটোহাৰ পৰা স্কুটী লৈ ঘৰলৈ গৈ থকা অৱস্থাত নাওজানত দুয়োজন স্কুটী আৰোহীক দুটা বনৰীয়া ম'হে আক্ৰমণ কৰে ।

আহত লোক দুজন ক্ৰমে নতুন বলাই গাঁ‌ৱৰ তপন সোণোৱাল (61) আৰু বামুণবাৰী বৰবামৰ জিতুল সোণোৱাল (47)। লগে লগে স্থানীয় লোকে আহত দুয়োজনকে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় । উল্লেখ্য যে, বৃহত্তৰ বলাই অঞ্চলত বিগত কেইবা মাহৰ পৰা শ শ বনৰীয়া ম'হৰ উপদ্ৰব চলি আছে ।

বন বিভাগে যথোচিত ব্যৱস্থা নোলোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ । এতিয়া এই ঘটনাই অঞ্চলটোৰ লোকসকলক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে ৷

লগতে পঢ়ক : লালমাটিত নিশা ডাম্পাৰে মহতিয়াই নিলে পথচাৰীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.