অসমৰ জনসাধাৰণৰ আন্তর্জাতিক অধিকাৰৰ বাবে পৃথক মন্ত্ৰণালয়ৰ দাবী - voters party Protest

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:20 PM IST

গুৱাহাটী, ৩০ ডিচেম্বৰঃ ভোটাৰ পেন্সন স্বাধীন গণতান্ত্ৰিক দেশৰ নাগৰিকৰ সাংবিধানিক অধিকাৰ । এই অধিকাৰ প্ৰাপ্ত নকৰা পৰ্যন্ত ভোটাৰ পাৰ্টী ক্ষান্ত নাথাকে । এই মন্তব্য ভোটাৰ পাৰ্টীৰ নেতৃবৃন্দৰ । শনিবাৰে চচলৰ ধৰ্ণাস্থলিত ভোটাৰ পাৰ্টীৰ ৰাজ্যিক সমিতিৰ উদ্যোগত বিভিন্ন দাবীৰ সৰ্মথনত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীত প্ৰায় দুই হাজাৰোধিক দলীয় নেতা-কর্মীয়ে অংশগ্ৰহণ কৰে । হাতে হাতে প্লে’ কাৰ্ড লৈ ন ভোটাৰশ্বিপ, ন’ ৰেষ্ট, সাংবিধানিক অধিকাৰৰ দাবী, অসমৰ আন্তর্জাতিক অধিকাৰৰ বাবে পৃথক মন্ত্ৰণালয় গঠন কৰক, না জাত-না পাত, ভোটাৰ ভোটাৰ একজাত, মূল্যবৃদ্ধিৰ ভাট্টা আমাক লাগিবই আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

বিশেষকৈ ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি পৰিপুষ্টি, গৃহযুদ্ধ আৰু বিদেশী আগ্ৰাসন, চুবুৰীয়া ৰাষ্ট্ৰসমূহক লৈ অখণ্ড ভাৰত নিৰ্মাণ, জনসংখ্যা অনুপাতে সংৰক্ষণ আৰু অসমৰ নাগৰিকৰ আন্তর্জাতিক অধিকাৰ, চিনাক্তকৰণ আৰু স্বীকৃতি বাবে এখনি পৃথক মন্ত্ৰণালয় গঠনৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: কি কি চৰ্তত স্বাক্ষৰিত হ’ল আলফা-চৰকাৰৰ চুক্তি ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.