Child Marriage at Helem: বাল্য বিবাহৰ গোচৰ মীমাংসাৰ বাবদ ধন লোৱাৰ অভিযোগত আটক গাঁওৰক্ষী বাহিনীৰ সম্পাদকক - বাল্য বিবাহ
🎬 Watch Now: Feature Video
বিশ্বনাথ, ২৭ এপ্ৰিল : ৰাজ্যত বাল্য বিবাহক লৈ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি থকাৰ সময়তে পুনৰ হেলেমৰ চন্দামাৰী বঙালীত সংঘটিত হয় বাল্য বিবাহৰ দৰে জঘন্য ঘটনা (Child Marriage at Helem) ৷ বিশ্বনাথৰ চন্দামাৰী বঙালীৰ মনোৰঞ্জন গোড় নামৰ এগৰাকী ২১ বছৰীয়া যুৱকে কাৰিবিল চাপৰিৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী যোৱা ২৩ এপ্ৰিলত পলুৱাই নিছিল ৷ এই ঘটনাৰ পাচতে কাৰিবিল চাপৰিৰ সৎ নাৰায়ণ ঠাকুৰ নামৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক জনে দুয়ো পক্ষক ঘৰলৈ মাতি নি মীমাংসা কৰি দিছিল ৷
ইয়াৰ পিচতে লাগিল কেনা ৷ দৰাপক্ষৰ অভিযোগ অনুসৰি মীমাংসা কৰি দিয়াৰ নামত ৬০০০ টকা লৈছিল গাঁওৰক্ষী বাহিনীৰ সম্পাদকজনে ৷ এই অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে হেলেম আৰক্ষীয়ে সৎ নাৰায়ণ ঠাকুৰক আটক কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ আৰু POCSO আইনৰ গোচৰ ৰুজু কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰে (Village guard secretary detained ) ৷