গোলাঘাট : গোলাঘাট জিলাৰ বাবে এক ক'লা দিন হিচাপে পৰিগণিত হোৱা দেৰগাঁৱৰ বালিজানত সংঘটিত পথ দুৰ্ঘটনাৰ আজি এটা বছৰ সম্পূৰ্ণ হ'ল । কিন্তু গ্ৰহণ কৰা নহ'ল পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে কোনো ব্যৱস্থা ।
২০২৪ বৰ্ষৰ ৩ জানুৱাৰীত গোলাঘাটৰ বছা ভৰলুৱা গাঁৱৰ পৰা পুৱতি নিশা এখন যাত্ৰীবাহী বাছেৰে বনভোজ আৰু টিলিঙা মন্দিৰ দৰ্শন কৰাৰ উদ্দেশ্যে শিশু, পুৰুষ আৰু মহিলাসহ প্ৰায় ৫০ গৰাকী যাত্ৰীয়ে যাত্ৰা আৰম্ভ কৰিছিল । কিন্তু দেৰগাঁও বালিজানত বিপৰীত দিশৰ পৰা অহা এখন কয়লাভৰ্তি ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে শিশুসহ ১২ জনকৈ লোকৰ মৃত্যু হৈছিল ।
ঘটনা সংঘটিত হোৱাৰ পাছতে গোলাঘাট-দেৰগাঁৱৰ আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল । উক্ত দুৰ্ঘটনাই কঁপাই গৈছিল অসমৰ লগতে সমগ্ৰ দেশ । এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ আজি এটা বছৰ সম্পূৰ্ণ হ'ল ।
ইফালে সেই অভিশপ্ত দিনটোৰ কথা সুঁৱৰি আজিও শিহৰিত হৈ পৰে স্থানীয় লোকসকল । উক্ত ঘটনা সম্পৰ্কে স্থানীয় এজন লোকে কয়, "সেই ভয়ংকৰ পথ দুৰ্ঘটনা মোৰ চকুৰ সন্মুখত হৈছিল । মই লগে লগে ওচৰৰ এজন লোকক মাতি আনি কিছু সহায় কৰিছিলোঁ । আজি এবছৰ হ'ল । প্ৰথমে দুখন বাহন একে দিশৰ পৰা আহি থাকোঁতে কয়লাভৰ্তি ট্ৰাকখনে আল্ট্ৰা বাছখনক তীব্ৰজোৰে খুন্দা মাৰে । তাকে দেখি প্ৰথমতে মোৰ সাহস হোৱা নাছিল ওচৰলৈ যাবলৈ । তাৰ পাছত ওচৰৰ এজন লোকক মাতি আনি সহায় কৰিছিলোঁ আৰু ওচৰ চুবুৰীয়া বহু লোকে আহি সহায় কৰিছিল ।"
আনহাতে, আন এজন স্থানীয় লোকে কয়, "উক্তদিনা পুৱতি নিশা ৪.৩০ বজাত এই ঘটনা সংঘটিত হৈছিল । ভয়ংকৰ পথ দুৰ্ঘটনা । তেনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ কামনা কৰিছোঁ ।"
ইফালে উক্তদিনা সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ গাঁও গোলাঘাটৰ বছা ভৰলুৱা গাঁৱত আজিও বিৰাজ কৰিছে এক নিমাওমাও পৰিৱেশ । আজিও এক বুজাব নোৱৰা পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ গাঁওখনত ।
কাৰণ সেই বছৰ আজিৰ দিনটোতে গাঁওখনত একেলগে জ্বলিছিল ১২ খন চিতা । স্বামী, পত্নী, পুত্ৰ, কন্যাক চিৰদিনৰ বাবে হেৰুওৱাৰ বেদনাই খুলি খুলি খাইছে নিজৰ আত্মীয়ক । এই সম্পৰ্কে স্থানীয় এখন বিদ্যালয়ৰ শিক্ষকে কয়, "২০২৪ বৰ্ষৰ ৩ জানুৱাৰী দিনটোত বছা ভৰলুৱা গাঁৱৰ পৰা টিলিঙা মন্দিৰ দৰ্শন কৰিবলৈ ৰাইজ গৈছিল । কিন্তু দেৰগাঁও বালিজানত পথ দুৰ্ঘটনাত পতিত হৈ গাঁওখনৰ ১২ জন লোকৰ মৃত্যু হৈছিল । যাৰ বাবে আমি বিদ্যালয় পৰিচালনা সমিতি আৰু গাঁওবুঢ়াই মিলি বিদ্যালয় প্ৰাংগণত ধৰ্মীয় ৰীতি-নীতিৰে বছৰেকীয়া সকাম আয়োজন কৰিছোঁ । ভবিষ্যতে অসমত এনে ঘটনা আৰু নহওক তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ।"