ETV Bharat / entertainment

বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক-সাংস্কৃতিক কৰ্মী পৰাণ বৰবৰুৱাৰ দেহাৱসান - ARAN BARBAROOAH PASSES AWAY

বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক তথা সাংস্কৃতিক কৰ্মী পৰাণ বৰবৰুৱাৰ দেহাৱসান । বৃহস্পতিবাৰে নিশা ১০.৫০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ বিশিষ্ট প্ৰযোজকগৰাকীৰ ।

Prominent film producer and cultural activist Paran Barbarooah passes away
পৰাণ বৰবৰুৱাৰ দেহাৱসান (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 3, 2025, 4:24 PM IST

গুৱাহাটী : বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক তথা সাংস্কৃতিক কৰ্মী পৰাণ বৰবৰুৱাৰ দেহাৱসান । বৃহস্পতিবাৰে নিশা হৃদৰোগত আক্রান্ত হৈ মৃত্যু হয় বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ । গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত বৃহস্পতিবাৰে নিশা ১০.৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বৰবৰুৱাই । অতি দূৰদৰ্শী আৰু বহু প্ৰতিভাৰ সমাহাৰ আছিল বৰবৰুৱা । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ ।

১৯৩৯ চনৰ ১ ছেপ্টেম্বৰত যোৰহাটত জন্মগ্ৰহণ কৰা পৰাণ বৰবৰুৱা এগৰাকী সুদক্ষ খেলুৱৈৰ লগতে এগৰাকী সফল চলচ্চিত্ৰ প্ৰযোজক আছিল । ১৯৫৮ চনত অসম ৰঞ্জী দলৰ এগৰাকী সদস্য হিচাপে মূল একাদশত থাকি পশ্চিমবংগৰ বিৰুদ্ধে খেলিছিল বৰবৰুৱাই । লগতে ফুটবলৰো এগৰাকী দক্ষ গলকীপাৰ আছিল পৰাণ বৰবৰুৱা ।

চলচ্চিত্ৰ তথা টেলিভিছন ক্ষেত্ৰৰ সৈতে জড়িত পৰাণ বৰবৰুৱাই কেইবাখনো পূৰ্ণদৈৰ্ঘৰ চলচ্চিত্ৰ, তথ্যচিত্ৰ আৰু দূৰদৰ্শনৰ কেইবাখনো জনপ্ৰিয় ধাৰাবাহিক প্ৰযোজনা কৰিছিল । অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ প্ৰযোজক হিচাপে তেওঁৰ আছিল বিশেষ অৱদান । বৰবৰুৱাই প্ৰযোজনা কৰা অসমীয়া ছবিসমূহৰ ভিতৰত এখন উল্লেখনীয় ছবি আছিল 'সুৰুয' । ১৯৮৪ চনত তেওঁ পুলক গগৈ পৰিচালিত জনপ্ৰিয় অসমীয়া ছবি 'সুৰুয' প্ৰযোজনা কৰিছিল । লগতে ১৯৯২ চনত তেওঁ প্ৰযোজনা কৰে দূৰদৰ্শনৰ সৰ্বাধিক জনপ্ৰিয় ধাৰাবাহিক 'বৃকোদৰ বৰুৱাৰ বিয়া' ।

১৯৯৩ চনত তেওঁ প্ৰযোজনা কৰা 'ছাউণ্ড অফ দ্য ডায়িং কালাৰ্ছ' নামৰ তথ্যচিত্ৰখনে নন ফিচাৰ শাখাত শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে বিবেচিত হৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে । ২০০৩ চনত দূৰদৰ্শনৰ ধাৰাবাহিক 'মেজৰ চাহেব' তেওঁ প্ৰযোজনা কৰিছিল । ইয়াৰ পিছত ২০১০ চনত সূৰ্য হাজৰিকা পৰিচালিত 'শ্ৰীমন্ত শংকৰদেৱ' চলচ্চিত্ৰখন তেওঁ প্ৰযোজনা কৰে । তেওঁ প্ৰযোজনা কৰা আন এখন উল্লেখনীয় তথ্যচিত্ৰ আছিল 'ইকোজ অফ ছানশ্বাইন' । অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি বৰবৰুৱা সদায়ে আছিল অতি সচেতন । এনে এগৰাকী ব্যক্তিত্বৰ মৃত্যুৱে এতিয়া অসমৰ সাংস্কৃতিক জগতত পেলাইছে শোকৰ ছাঁ ।

লগতে পঢ়ক : তিনি যুৱকৰ অসমীয়া সুৰ শুনাৰ ইচ্ছাই জন্ম দিলে ‘বাঁহী’ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.