যোৰহাট: বছৰটোৰ পহিলাতে শেষ হৈ গ'ল এটা পৰিয়ালৰ সপোন । অহা ফাগুনত হোমৰ গুৰিত বহিম বুলি পিতৃ-মাতৃক কথা দি নিষ্ঠুৰ নিয়তিৰ শীতল কোলাত শুই পৰিল এজন সুঠাম যুৱক । নৱবৰ্ষৰ আনন্দ উপভোগ কৰি ঘূৰি নাহিল অভিজিত ।
৩১ ডিচেম্বৰ আৰু নৱবৰ্ষৰ পহিলা দিনটোত পথ দুৰ্ঘটনা ৰোধৰ কৰা সকল্পৰে সষ্টম আছিল পৰিবহণ বিভাগ আৰু আৰক্ষী । কিন্তু তাৰ মাজতে ৰাজ্যজুৰি সংঘটিত হ'ল কেইবাটাও পথ দুৰ্ঘটনা, ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাটো । নৱবৰ্ষক আদৰাৰ আনন্দ উল্লাসৰ মাজতে যোৰহাট মৰিয়নীৰ চেলেংহাটত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱা ঘটনাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে জন্মস্থান চেলেংহাটত ।
যোৰহাট মৰিয়নীৰ কুকুৰাছোৱাৰ কনকলতা মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত বুধবাৰে মাজনিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে তিনিজন যুৱক গুৰুতৰভাবে আহত হয় । টীয়ক কলিয়াপানীৰ পৰা চেলেংহাট অভিমুখে আহি থকা AS-33-A3801 নম্বৰৰ তীব্ৰ বেগী ব’লেৰ বাহনখনে এটা কেকুৰীত নিয়ন্ত্ৰন হেৰুৱাই এজোপা গছত খুন্দা মাৰে ।
ফলত দুৰ্ঘটনাত মৰিয়নী চেলেংহাট দুলীয়া গাঁৱৰ অভিজিৎ চেতিয়া নামৰ যুৱকজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন তিনিজন যুৱক গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাত পতিত যুৱকৰ দলটো নৱবৰ্ষৰ আনন্দ কৰি মাজনিশা উভতিছিল ঘৰলৈ । ভয়ংকৰ দুৰ্ঘটনাটোত মৃত্যু হোৱা অভিজিত চেতিয়াৰ ফাগুনত বিবাহৰ যো-জা চলি আছিল ।
পৰিয়ালটোৰ একমাত্ৰ সন্তান আছিল অভিজিত । এই ঘটনাৰ পিছতে যুৱকজনৰ বাসগৃহৰ লগতে চেলেংহাটত শোকৰ ছাঁ পৰিছ । ইফালে জে এম চি এইচত চিকিৎসাধীন দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত তিনি যুৱকৰ ভিতৰত চালকৰ আসনত থকা ৰক্তিম গগৈৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ঘন কুঁৱলীৰ বাবে এই পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।
ঘটনাটো সন্দৰ্ভত এগৰাকী আত্মীয়ই শোক প্ৰকাশ কৰি কয়,"দাদাৰ একমাত্ৰ সন্তান অভিজিত । বৰ শান্ত-শিষ্ট ঠাণ্ডা ল'ৰা আছিল । পুৱা গাঁওবুঢ়া আৰু আৰক্ষীয়ে খবৰ দিয়াতহে গম পাইছোঁ । আমি সকলো ভাগি পৰিছোঁ । ফাগুনমানলৈ তেওঁৰ বিয়া-বাৰুৰ কথাও চলি আছিল । আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এনে ঘটনা আগন্তুক সময়ত কাৰো নহওঁক ।"