গুৱাহাটী: বাৰম্বাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্রত ব্যৰ্থ হৈছে অসম চৰকাৰ । কৃষকক উৎপাদিত ধানৰ উচিত মূল্য দিয়াৰ বাবে চৰকাৰে কৃষকৰ পৰা ধান ক্ৰয়ৰ ব্যৱস্থা কৰি আহিছে যদিও এবাৰো সফল হ'ব পৰা নাই । প্ৰত্যেক বছৰেই চৰকাৰে কৃষকৰ পৰা ধান ক্ৰয়ৰ বাবে সংশ্লিষ্ট সংস্থাক লক্ষ্য নিৰ্ধাৰণ কৰি দায়িত্ব দিয়ে যদিও উপনীত হ'ব পৰা নাই লক্ষ্যত ।
আনকি ধান ক্ৰয়ৰ পৰিমাণ কমাই অনাৰ পাছতো লক্ষ্যত উপনীত হ'ব পৰা নাই । বিভিন্ন কাৰণত চৰকাৰক ধান বিক্ৰীৰ বিপৰীতে মধ্যভোগীৰ ওচৰ চাপিবলগীয়া হৈছে ৰাজ্যৰ দৰিদ্ৰ কৃষক । লক্ষ্যণীয় বিষয় যে অসমত ন্যূনতম সমর্থিত মূল্যত ধান ক্রয় আঁচনিখনে এবাৰো সফলতাৰ মুখ নেদেখা তথা বাৰম্বাৰ ব্যৰ্থ হোৱাৰ বিষয়টো সন্দৰ্ভত কৰা পর্যালোচনাতে বহু ধৰণৰ গাফিলতিৰ তথ্য পোহৰলৈ আহিছে ।
ধান ক্ৰয়ৰ হিচাপ-নিকাচ:
পাঁচ বছৰ পূৰ্বৰ পৰা অসমত ন্যূনতম সমর্থিত মূল্যত(এম এছ পি) কৃষকৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ কেবাটাও সংস্থাৰ জৰিয়তে ধান ক্রয় অভিযান চলাই থকা হৈছে । প্ৰথমবাৰ অর্থাৎ ২০২০-২১ ধান ক্ৰয়ৰ লক্ষ্য লোৱা হৈছিল ১০ লাখ মেট্রিক টন । সেইবাৰ ছটা সংস্থাক ধান ক্ৰয়ৰ দায়িত্ব দিয়া হৈছিল । এম এছ পিৰ পৰিমাণ ধাৰ্য কৰা হৈছিল প্ৰতি কুইণ্টল ধানৰ বিপৰীতে ১,৮৬৮ টকা ।
কিন্তু লক্ষ্য পূৰণ খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড ব্যর্থ হয় । চৰকাৰৰ ব্যৰ্থতা স্পষ্ট হোৱাত ২০২১-২২ত এম এছ পিৰ পৰিমাণ প্ৰতি কুইণ্টল ধানত ১,৯৪০ টকালৈ বৃদ্ধি কৰা হয় । কিন্তু তাৰ পাছতো লক্ষ্যত উপনীত হ'বলৈ সক্ষম নহ'ল । ইয়াৰ পাছত ২০২২-২৩ বৰ্ষত আঠ ধান ক্ৰয়ৰ পৰিমাণ হ্ৰাস কৰাৰ উপৰি ক্ৰয় সংস্থাৰ সংখ্যা চাৰিটালৈ হ্ৰাস কৰা হয় । ইয়াৰ উপৰি এম এছ পিৰ পৰিমাণ প্ৰতি কুইণ্টল ধানত ২,১৮৩ টকালৈ বৃদ্ধি কৰা হয় ।
অতি আচৰিত কথা যে তাৰ পাছতো লক্ষ্য পূৰণ নহ'ল । ৫০ শতাংশৰ অলপ বেছি পৰিমাণৰ ধানহে সংস্থাকেটাই ক্ৰয় কৰিবলৈ সক্ষম হয় । তাৰ পাছত পুনৰ ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ হ্ৰাস কৰি ২০২৩-২৪ বৰ্ষত প্ৰতি কুইণ্টলত এম এছ পিৰ পৰিমাণ ২,৩০০ টকালৈ বৃদ্ধি কৰা হয় । ক্রয় সংস্থাৰ সংখ্যাও চাৰিটাতে সীমাবদ্ধ ৰখা হয় । কিন্তু তাতো সফলতা লাভ কৰিবলৈ সক্ষম নহ'ল ।
লক্ষ্যৰ বিপৰীতে আধা পৰিমাণৰ ধানো ৰাজ্যত ক্ৰয় নহ'ল । অর্থাৎ কৃষকে চৰকাৰী সংস্থাক ধান বিক্ৰী নকৰিলে । তেন্তে বিক্ৰী কৰিব বুলি নাম পঞ্জীয়ন কৰা কৃষকসকলে তেওঁলোকৰ উৎপাদিত ফচল ক'ত বিক্ৰী কৰিলে । ই এক ডাঙৰ প্ৰশ্ন ।
ব্যৰ্থতা সন্দৰ্ভত চৰকাৰী পৰ্যালোচনা:
ধান ক্ৰয়ৰ ব্যৰ্থতা সন্দৰ্ভত চৰকাৰী পৰ্যালোচনাত পোহৰলৈ আহিছে যে ২০২২-২৩ বৰ্ষত ৮,৯৭,১০২ মেট্রিক টন ধান বিক্ৰী কৰিব বুলি নাম পঞ্জীয়ন কৰিছিল ৯৯,৫৭৫ গৰাকী কৃষকে । তাৰে ৬১,১১৫ গৰাকী কৃষকেহে চৰকাৰী সংস্থাকেইটাৰ ওচৰত ধান বিক্ৰী কৰে । অৰ্থাৎ ৩৮,৪৬০ জনে নাম পঞ্জীয়ন কৰিও ধান বিক্ৰী নকৰিলে । ইয়াৰে ন্যূনতম এটা অংশ কৃষকে বিক্রী কৰিব নোৱাৰিলে ধান ভালকৈ নুশুকুৱাৰ ফলত ।
কাৰণ চৰকাৰৰ সংস্থাক ধান বিক্ৰী কৰিব বিচাৰিলে সেই ধান ভালদৰে শুকাব লাগে । আর্দ্রতা ন্যূনতম পৰিমাণতহে থাকিব পাৰে । অন্যথা সেই ধান ক্ৰয় কৰা নহয় । আনহাতে ২০২৩-২৪ বৰ্ষতো ধান বিক্ৰী কৰিব বুলি নাম পঞ্জীয়ন কৰা কৃষকৰ সংখ্যা আছিল ৭০,১৩৬ গৰাকী । তেওঁলোকে বিক্ৰী কৰিবলগীয়া ধানৰ পৰিমাণ আছিল ৫,৩৩,৩৪৩ মেট্রিক টন । অথচ বাস্তৱত ধান বিক্ৰী কৰে ৩৩,১৪০ গৰাকী কৃষকেহে ।
তেওঁলোকে বিক্ৰী কৰা ধানৰ পৰিমাণ হ'ল ৩,১৪,৯৩৭ মেট্রিক টন । সেইবাৰো কিছুসংখ্যক কৃষকে ধান ভালকৈ নুশুকুৱাৰ বাবে বিক্রী কৰিব নোৱাৰিলে । তাৰ বিপৰীতে বেছিসংখ্যক কৃষকে নাম পঞ্জীয়ন কৰিও চৰকাৰী সংস্থাক ধান বিক্ৰী নকৰিলে । এনে এখন অভিলাষী আঁচনি বাৰম্বাৰ ব্যৰ্থ হোৱাৰ কাৰণ বিশ্লেষণত এই তথ্য পোহৰলৈ আহে যে মধ্যভোগীৰ পৰিৱৰ্তে চৰকাৰ তথা চৰকাৰী সংস্থাক ধান বিক্ৰী কৰিব লাগে বুলি বহু কৃষক সচেতনেই নহয় ।
এইক্ষেত্ৰত বিভাগৰ তৰফৰ পৰা গ্ৰহণ কৰিবলগীয়া পদক্ষেপ উপযুক্তভাৱে গ্ৰহণ কৰা হোৱা নাই বাবেই বহু কৃষকে ইয়াৰ সুবিধা ল'ব পৰা নাই । অতি ভিতৰুৱা অঞ্চলৰ কৃষকসকলে নাজানে যে চৰকাৰী সংস্থাক ধান বিক্ৰী কৰিলে তেওঁলোক যথেষ্ট লাভৱান হ'ব । চৰকাৰে যে এম এছ পিৰ পৰিমাণ বৃদ্ধি কৰিছে সেই বিষয়তো বহু কৃষকে নাজানে । আনহাতে চৰকাৰী সংস্থাক ধান বিক্ৰী কৰাৰ বাবে পালন কৰিবলগীয়া নীতি-নিয়ম পালন কৰাটো বহু কৃষকৰ বাবে সম্ভৱ নহয় ।
চৰকাৰী ব্যৱস্থাগত জটিলতাৰ বাবে মধ্যভোগীৰ শৰণাপন্ন হ'বলগীয়া হয় বহু কৃষক । সমান্তৰালভাৱে ধানৰ আৰ্দ্ৰতাৰ প্ৰসংগতো বহু কৃষকে চৰকাৰী সংস্থাৰ বিপৰীতে মধ্যভোগীৰ কাষ চাপে । কাৰণ মধ্যভোগীৰ ওচৰত ধান বিক্ৰী কৰিলে আৰ্দ্ৰতাৰ প্ৰসংগ নাহে । চৰকাৰী সংস্থাত ধান বিক্ৰী কম হোৱাৰ অন্যতম এটা কাৰণ হ'ল ধান ক্ৰয় কেন্দ্ৰৰ অভাৱ । দূৰত্বৰ বাবে বহু কৃষকে ক্ৰয় কেন্দ্ৰলৈ যাব নিবিচাৰে ।
তদুপৰি কিবা কাৰণত ধান বিক্ৰী কেন্দ্ৰৰ পৰা ঘূৰাই আনিবলগীয়া হ'লে খৰচ বৃদ্ধি পায় । ইয়াৰ বিপৰীতে মধ্যভোগীয়ে কৃষকৰ ঘৰৰ পৰাই ক্ৰয় কৰে ধান । চৰকাৰে ধাৰ্য কৰি দিয়া এম এছ পিতকৈ মধ্যভোগীয়ে ধাৰ্য কৰা মূল্যৰ পৰিমাণ কম যদিও অসুবিধাবোৰ নথকাৰ বাবে কৃষকে তাতেই ধান বিক্ৰী কৰে । ইপিনে অসমৰ বহু কৃষকৰ হাতত এতিয়াও নিজৰ কৃষিভূমি সম্পৰ্কীয় নথি নাই ।
ইয়াৰ ফলতো বহু কৃষকে চৰকাৰী সংস্থাক ধান বিক্ৰী কৰিবলৈ সমৰ্থ নহয় । চৰকাৰী সংস্থাক ধান বিক্ৰী কৰিবলৈ হ'লে নিজৰ মাটিৰ নথি থাকিব লাগে । তেনে নথি নথকাৰ বাবেই অসমৰ বহু কৃষকৰ নাম ভূমিহীনৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে আৰু যিসকল কৃষকে নিজৰ মাটিতে বছৰ বছৰ ধৰি উৎপাদন কার্য চলাই আহিছে । মধ্যভোগীয়ে কৃষকৰ এনে দুৰ্বলতাৰে সুযোগ গ্ৰহণ কৰি আহিছে । কৃষকসকলক এইবোৰ বিষয়ত সজাগ-সচেতন কৰাত চৰকাৰ ব্যৰ্থ হোৱাৰ বাবেই চৰকাৰী অভিলাষী আঁচনিয়ে তেওঁলোকক উপকৃত কৰিব পৰা নাই ।
২০২৪-২৫ বৰ্ষৰ বাবে ৫.৮০ লাখ টন ধান ক্ৰয়ৰ লক্ষ্য:
বাৰম্বাৰ ব্যৰ্থ হোৱাৰ পাছত ২০২৪-২৫ বৰ্ষত চৰকাৰে ৫.৮০ লাখ টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ন্যূনতম সমৰ্থন মূল্য ধাৰ্য কৰা হৈছে প্ৰতি কুইণ্টলত ২৩০০ টকা । অৰ্থাৎ প্ৰতি মোন ধানৰ মূল্য ৯২০ টকা । বিক্ৰী কৰিব বিচৰা ধান শুকান আৰু পৰিষ্কাৰ হোৱাৰ লগতে ইয়াৰ আৰ্দ্ৰতা সৰ্বাধিক ১৭ শতাংশ হোৱা উচিত । অসম চৰকাৰে চাৰিটা সংস্থা ক্ৰমে চৰকাৰে অসম খাদ্য আৰু অসামৰিক যোগান নিগম, ভাৰতীয় খাদ্য নিগম, নাফেদ আৰু অসম ৰাজ্যিক কৃষি বিপণন পৰিষদক উক্ত পৰিমাণৰ ধান ক্ৰয়ৰ দায়িত্ব দিছে । এই চাৰিটা সংস্থাই ধান ক্ৰয়ৰ বাবে ৩৫ খন জিলাত ১৭৬ টা ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে । এইবাৰ চৰকাৰে দায়িত্ব দিয়া সংস্থা চাৰিটাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পাৰিবনে নাই সেয়া সময়েহে ক'ব ।