গুৱাহাটী: প্রথিতযশা কণ্ঠশিল্পী ড৹ অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ শিল্পী বঁটা । অহা ১৭ জানুৱাৰীত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত কেন্দ্রীয়ভাৱে আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠানত দুয়োগৰাকী শিল্পীকে শিল্পী বঁটাৰে সন্মানিত কৰা হ'ব । এই কথা সদৰী কৰে সাংস্কৃতিক মন্ত্রী বিমল বড়াই ।
দেওবাৰে দিছপুৰৰ চৰকাৰী আৱাসত এখন সংবাদমেল সম্বোধন কৰি মন্ত্রী বড়াই শিল্পী বঁটাৰ লগতে আন কেইবাটাও বঁটাৰ প্ৰাপকৰ নাম ঘোষণা কৰে । মন্ত্রীগৰাকীয়ে কয়, "অসমৰ সমাজ জীৱনলৈ বৰেণ্য অৱদান আগবঢ়োৱা শিল্পীসকলক অসম চৰকাৰে বিভিন্ন বঁটাৰে সন্মানিত কৰি আহিছে ।’’
‘‘বিগত বৰ্ষৰ দৰে অহা ১৭ জানুৱাৰীত অসম চৰকাৰৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত কেন্দ্রীয়ভাৱে ২০২৫ বৰ্ষৰ শিল্পী দিৱস উদযাপন কৰা হ'ব । উক্ত অনুষ্ঠানতে প্রথিতযশা কণ্ঠশিল্পী ড৹ অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভাক ২০২৫ বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব । লগতে অনুষ্ঠানত অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান যোগাই অহা তিনিগৰাকী বৰেণ্য ব্যক্তিক তিনিটা ৰাজ্যিক পৰ্য্যায়ৰ বঁটাৰে সন্মানিত কৰা হ'ব ।" বড়াই কয় ৷
তেওঁ লগতে কয়, "২০২৪ নটসূৰ্য ফণী শৰ্মা বঁটাৰ বাবে বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনক, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটাৰ বাবে বিশিষ্ট অভিনেত্ৰী হীৰা নেওগক আৰু ভীমবৰ দেউৰী বঁটাৰ বাবে বিশিষ্ট সমাজকর্মী জলেশ্বৰ ব্ৰহ্মক মনোনীত কৰা হৈছে । প্ৰতিটো বঁটাত আছে দুই লাখ টকাৰ নগদ ধনৰ লগতে প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ ।" সংবাদমেলত উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল দাস ।
- কণ্ঠশিল্পী ড৹ অনিমা চৌধুৰী :
জনপ্রিয় কণ্ঠশিল্পী ড৹ অনিমা চৌধুৰীৰ জন্ম ১৯৫৩ চনৰ ২৮ ফেব্ৰুৱাৰীত নলবাৰীত । তেখেতে ‘মুকুতা', ‘পুতলাঘৰ’, ‘প্রেম জনমে জনমে’, ‘অৰণ্য’, ‘অগ্নিবৃষ্টি’, ‘ত্ৰিধাৰা’(বাংলা) আদি কথাছবিৰ গীতত কণ্ঠদান কৰিছে । আকাশবাণী আৰু দূৰদৰ্শনৰ ‘এ গ্রেড' স্বীকৃতিপ্রাপ্ত শিল্পীগৰাকীয়ে আধুনিক গীতৰ লগতে বিহুগীত, বনগীত, টোকাৰীগীত, বিয়ানাম, জ্যোতি সংগীত, ৰাভা সংগীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত আদিৰ দুকুৰিৰো অধিক শ্রাব্য এলবামত গীত গাইছে ।
- লোকশিল্পী মুকুল ৰাভা:
বিশিষ্ট লোকশিল্পী মুকুল ৰাভাৰ জন্ম ১৯৫৫ চনৰ ১ ডিচেম্বৰত । ‘ৰাভা চায় পিদান' শীৰ্ষক ৰাভা আধুনিক গীতৰ প্ৰথমটো শ্রাব্য কেছেটৰ লগতে তেখেতে ‘বায়ংচিংকিয়া’, ‘আঘোণৰ পথাৰতে’, ‘সমন্বয়ৰ সুৰ' আৰু 'লামদানি পাথাৰি' আদি লোক সংগীতৰ শ্ৰাব্য কেছেটত কণ্ঠ দিয়াৰ লগতে সংগীত পৰিচালনা কৰিছে ।
'ৰাভা লোকগীতৰ সংকলন’, ‘লোক সংস্কৃতিৰ সুৱাস বিচাৰি’, ‘ৰাভা লোক কৃষ্টিৰ বিকাশত কিছু চিন্তা', 'লোক কৃষ্টিৰ দাপোনত যেন সমন্বয়ৰ ছবি’ আৰু ‘লোক কৃষ্টিৰ পথাৰে পথাৰে' আদি গ্ৰন্থৰে তেখেতে অসমৰ সাহিত্য-সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰিছে ।
- অভিনেত্রী ৰেবা ফুকন :
১৯৫৯ চনৰ ১ ফেব্ৰুৱাৰীত জন্ম সুদক্ষ অভিনেত্ৰী ৰেবা ফুকনে বৰ্তমানলৈকে ‘আৱাহন’, ‘কহিনুৰ’, ‘অপূৰ্ব’, ‘মুকুন্দ’ আদি কেবাখনো ভ্ৰাম্যমান থিয়েটাৰ আৰু বহু অপেচাদাৰী গোষ্ঠীৰ নাটকত অভিনয়ৰ লগতে ‘ভাৱনা’,‘আলিদোমোজাত’, ‘মাজ নিশাৰ চিঞৰ’, ‘সৰাপাতত বসন্ত’, আৰু ‘নাৰিকলৰ পিঠা' আদি নাট পৰিচালনা কৰিছে ।
‘এণ্টনী মোৰ নাম’, ‘ৰে’লৰ আলিত দুবৰি বন’, ‘জখম’, ‘প্রিয়া অ’প্রিয়া’, ‘আগ’, ‘কণিকাৰ ৰামধেনু' ‘মাঘত মামণিৰ বিয়া’, 'উজনীৰ দুজনী গাভৰু’, ‘মা তুমি অনন্যা' ইত্যাদি অনেক অসমীয়া কথাছবিত তেখেতে অভিনয় কৰিছে ।
- অভিনেত্রী হীৰা নেওগ :
বিশিষ্ট অভিনেত্রী হীৰা নেওগ 'অসম ষ্টাৰ থিয়েটাৰ’, ‘আৱাহন’, ‘কহিনুৰ' আৰু ‘হেঙুল’ আদি ভ্ৰাম্যমান নাট্যগোষ্ঠীৰ এগৰাকী পৰিচিত শিল্পী । ‘দেউতা’, ‘মাটিৰ গাড়ী’, ‘শৰাগুৰি চাপৰি’, ‘অসীমত যাৰ হেৰাল সীমা’,‘বাঘজাল’, ‘ক্লিঅপেট্রা’, ‘আইৰ চকুলো’, ‘শংকৰদেৱ’, ‘কবৰ আৰু কংকাল’, ‘মুখ্যমন্ত্রী’, ‘মৃত্যুঞ্জয়’, ‘মহানদী গংগা’ আদি বহু মঞ্চ নাটকত শিল্পীগৰাকীয়ে অভিনয় কৰিছে ।
‘শ্ৰীমতী মহীমাময়ী’, ‘উপপথ’, ‘শেৱালী’, ‘এই দেশ মোৰ দেশ’, ‘শেষ উপহাৰ’ ‘উজনীৰ দুজনী গাভৰু’, ‘গৰম বতাহ’, ‘মন’, ‘ৰিচাং’ আদি বহু অসমীয়া চিনেমাত তেখেতে অভিনয় কৰিছে ।
- সমাজকর্মী জলেশ্বৰ ব্ৰহ্ম :
বিশিষ্ট সমাজকর্মী জলেশ্বৰ ব্ৰহ্মৰ জন্ম ১৯৪৫ চনৰ ১ অক্টোবৰত । ডিমা হাচাও, কাৰ্বি আংলং আৰু বি টি আৰ আদি অঞ্চলত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ অৱসান ঘটাই বিভিন্ন ভাষা-ধৰ্মৰ লোকসকলৰ মাজত একতা স্থাপনত সমাজসেৱীগৰাকীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । তেখেতে বড়ো ভাষাৰ বাবে দেবনাগৰী লিপিৰ প্ৰসাৰৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে । সদৌ অসম ব্ৰহ্ম ধর্ম সভা, বড়ো সাহিত্য সভা, অসম কল্যাণ আশ্ৰম আৰু অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্রম আদি অনুষ্ঠানৰ জৰিয়তে তেখেতে সমাজৰ হকে সেৱা আগবঢ়াই আহিছে ।