ETV Bharat / bharat

পোৰবন্দৰত উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত; নিহত ৩ জোৱান - COAST GURAD CHOPPER CRASH

উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ বৰ্তমান পৰ্যন্ত উপকূলৰক্ষী বাহিনীয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই ৷ সম্প্ৰতি পোৰবন্দৰৰ চৰকাৰী চিকিৎসালয়ত ৰখা হৈছে জোৱানকেইজনৰ মৃতদেহ ৷

COAST GURAD CHOPPER CRASH
পোৰবন্দৰত উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত (ANI)
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2025, 3:51 PM IST

Updated : Jan 5, 2025, 4:32 PM IST

গুজৰাট: গুজৰাটৰ পোৰবন্দৰ দেওবাৰে পুৱা ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এখন হেলিকপ্টাৰ হেলিপেডত অৱতৰণ কৰি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈ তিনিজন ক্ৰু মেম্বাৰ নিহত হয় । অৱশ্যে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে বৰ্তমান পৰ্যন্ত এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই ৷ জানিব পৰা মতে সম্প্ৰতি পোৰবন্দৰৰ চৰকাৰী চিকিৎসালয়ত ৰখা হৈছে জোৱানকেইজনৰ মৃতদেহ ৷

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰা হয় ৷ ঘটনাস্থলীত পোৰবন্দৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পানীৰ কামান ব্যৱহাৰ কৰি জুই নিৰ্বাপন কৰে আৰু জোৱানকেইজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি পোৰবন্দৰৰ চৰকাৰী চিকিৎসালয়লে প্ৰেৰণ কৰে ৷ ইয়াৰ পাচতেই চৰকাৰী চিকিৎসালয়ৰ এটা সূত্ৰই জোৱানকেইজনৰ মৃত্যু হোৱাৰ কথা জানিবলৈ দিয়ে ৷ চিকিৎসালয়ত জোৱানকেইজনৰ পৰৱৰ্তী সকলো কাম-কাজ সম্পন্ন কৰাৰ পাছত তেওঁলোকৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়া হ’ব বুলি জানিব পৰা হৈছে ৷

ইফালে এই খবৰ লাভ কৰাৰ পাচতেই পোৰবন্দৰৰ বিধায়ক অৰ্জুনভাই মোধৱাদিয়া আৰু তেওঁৰ ভাতৃ ৰামদেৱভাই মোধৱাদিয়াই ততাতৈয়াকৈ চৰকাৰী চিকিৎসালয়ত উপস্থিত হয় আৰু সমগ্ৰ ঘটনাৰ বুজ লয় ৷ তেওঁলোকে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷

ইপিনে পোৰবন্দৰৰ আৰক্ষী অধীক্ষক ভগীৰথ সিং জাডেজা আৰু উপকূলৰক্ষী বাহিনীৰ উপ-মহাপৰিদৰ্শক পংকজ আগৰৱালাও চিকিৎসালয়খনত উপস্থিত হয় ৷ অৱশ্যে তেওঁলোকেও এই সন্দৰ্ভত বৰ্তমান কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ ৩ ছেপ্টেম্বৰত পোৰবন্দৰৰ ওচৰত আৰৱ সাগৰত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এডভান্স লাইট হেলিকপ্টাৰ (এএলএইছ) দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ এইটো দ্বিতীয়টো ঘটনা য’ত তিনিজন জোৱানৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ, সন্ধানহীন ৩ গৰাকী ক্ৰু - ICG Chopper Crashes - ICG CHOPPER CRASHES

Last Updated : Jan 5, 2025, 4:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.