ETV Bharat / state

বন্দুক চাফা কৰি থাকোতেই একে 47ৰ গুলী লাগি নিহত আৰক্ষী জোৱান ! - POLICE JAWAN SHOT DEAD

ডিব্ৰুগড়ৰ আৰক্ষী চাউনিত অঘটন, নিজৰ ছাৰ্ভিচৰ এ কে 47ৰ গুলী লাগি মৃত্যু আৰক্ষী জোৱানৰ । ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পিএছঅ' হিচাপে কৰ্মৰত আছিল চুতীয়া ।

Police jawan shot dead by service AK47 while cleaning in Dibrugarh
একে ৪৭ ৰ গুলী লাগি নিহত আৰক্ষী জোৱান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2025, 1:35 PM IST

Updated : Jan 5, 2025, 2:44 PM IST

ডিব্ৰুগড়: ডিব্ৰুগড়ৰ আৰক্ষী চাউনীৰ ভিতৰত সংঘটিত হয় ভয়ংকৰ অঘটন । নিজৰ ছাৰ্ভিচৰ এ কে 47ৰ গুলী লাগি নিহত হয় মাধৱ চুতীয়া নামৰ এজন আৰক্ষী জোৱানৰ । ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পি এছ অ' হিচাপে কৰ্মৰত আছিল চুতীয়া । জানিব পৰা অনুসৰি ডিব্ৰুগড়ৰ আৰক্ষী চাউনীৰ ভিতৰত থকা নিজৰ আবাস গৃহত দেওবাৰে পুৱা ছাৰ্ভিচৰ এ কে 47 টো চাফা কৰি থাকোতে এই ঘটনা সংঘটিত হয় ।

বুকুত গুলী লগা আৰক্ষী জোৱানজনক এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । এইগৰাকী মৃত আৰক্ষী জোৱানে দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ত বিভিন্ন আৰক্ষী বিষয়াৰ পি এছ অ' হিচাপে কৰ্মৰত হৈ আছিল । ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পি এছ অ' হিচাপে কৰ্মৰত হৈ আছিল যদিও ইয়াৰ আগতে ডিব্ৰুগড়ৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পি এছ অ' হিচাপে দায়িত্বত আছিল ।

একে ৪৭ ৰ গুলী লাগি নিহত আৰক্ষী জোৱান (ETV Bharat Assam)

কি কাৰণত মৃত মাধৱ চুতীয়া নামৰ আৰক্ষী জোৱানজনে নিজৰ ঘৰতে ছাৰ্ভিচৰ এ কে 47টো চাফা কৰিব লগা হ'ল সেইটো হে ৰহসা সৃষ্টি হৈছে । ইতিমধ্যে ছাৰ্ভিচ ৰাইফলটো আৰক্ষীয়ে জব্দ কৰি তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্ততহে ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব ।

"ছাৰ্ভিচৰ এ কে 47 টো চাফা কৰি থাকোতে এই ঘটনা সংঘটিত হৈছে"- দাবী তদন্তকাৰী বিষয়াৰ :

নিজৰ ছাৰ্ভিচৰ এ কে 47ৰ গুলী লাগি মাধৱ চুতীয়া নামৰ আৰক্ষী জোৱানৰ মৃত্যুৰ পাছতে সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । তদন্তকাৰী বিষয়াই কয়, "ছাৰ্ভিচৰ এ কে 47 টো চাফা কৰি থাকোতে এই ঘটনা সংঘটিত হৈছে ।"

গুলী লগাৰ পাছতে বচোৱা বচোৱা বুলি চিঞৰিছিল গুলীবিদ্ধ মাধৱ চুতীয়াই:

সমগ্ৰ ঘটনাক লৈ মৃত মাধৱ চুতীয়াৰ প্ৰতিবেশীয়ে কয়, "গুলী লগাৰ পাছতে বচোৱা বচোৱা বুলি চিঞৰিছিল গুলীবিদ্ধ মাধৱ চুতীয়াই । তেতিয়া ওচৰ চুবুৰীয়া সকলোৱে আহি চিকিৎসালয়লৈ নিয়ে । নিজৰ ডিউটিলৈ যাবৰ বাবে ইউনিফৰ্ম পৰিধান কৰি আছিল ঘটনাৰ সময়ত । ছাৰ্ভিচ ৰাইফলটো চাফা কৰি থাকোতেই এই ঘটনা সংঘটিত হয় ।" উল্লেখ্য যে তিতাবৰ বৰহোলাৰ আৰক্ষী জোৱানজনে পত্নী আৰু কণমানি পুত্ৰৰ সৈতে ডিব্ৰুগড়ৰ আৰক্ষী চাউনীত আছিল ।

লগতে পঢ়ক: পৰম্পৰা ৰক্ষা কৰি ম'হ নুযুঁজালে নহয় : ম'হ গোৱাল - BUFFALO AND BULBUL FIGHTS

সাংবাদিকক প্ৰহাৰ কৰা বাৰ্মিজ চুপাৰি মাফিয়াক গ্ৰেপ্তাৰ - SILCHAR JOURNALIST ATTACK CASE

Last Updated : Jan 5, 2025, 2:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.