ETV Bharat / state

চোঁচা মাৰি আহিল গঁড়ে: খৰি আনিবলৈ যোৱাই কাল হ'ল লক্ষীৰ - RHINO ATTACKED AT KNP

বনকৰ্মীক সহায় কৰিবলৈ গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন স্থানীয় লোক ৷

Rhino Attacked at KNP
বুঢ়াপাহাৰ বনাঞ্চলত গঁড়ৰ আক্ৰমণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2025, 8:08 AM IST

কলিয়াবৰ : সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ এলেকাধীন পানীজুৰি বন শিবিৰৰ সমীপত সংঘটিত হয় এক অঘটন । বনকৰ্মীৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা এজন স্থানীয় লোক গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় । আহত লোকজন প্ৰায় ৩৫ বছৰীয়া লক্ষী তেৰণ বুলি জানিব পৰা গৈছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নিলয় বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘লক্ষী তেৰণ নামৰ লোকজনে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ পৰা খৰি আনিবলৈ যাওঁতে এক অদ্ভূত গোন্ধ পায় ৷ সেয়ে তেওঁ আমাৰ বন বিভাগৰ লোকক খবৰ দিয়ে ৷ তাৰ পাছত সেই গোন্ধৰ উৎস বিচাৰি বন বিভাগৰ লোকৰ সৈতে লক্ষী তেৰণ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ যায় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত প্ৰৱেশ কৰাৰ সময়তে দলটো এটা গঁড়ৰ সৈতে মুখামুখি হয় ৷ আনকি সেই গঁড়টোৱে লক্ষী তেৰণৰ সোঁ ভৰিত উপৰ্যুপৰি আঘাত কৰে ।’’

বুঢ়াপাহাৰ বনাঞ্চলত গঁড়ৰ আক্ৰমণ (ETV Bharat Assam)

‘‘আহত লক্ষী তেৰণক কাজিৰঙাৰ বনকৰ্মীয়ে ততাতৈয়াকৈ জখলাবন্ধাৰ চিকিৎসালয়লৈ লৈ আহে । জখলাবন্ধাত প্ৰাথমিক চিকিৎসাৰ অন্তত আহত লোকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।’’ নিলয় বৰাই কয় ৷

বাতৰি যুগুত কৰা পৰলৈকে আহত লক্ষী তেৰণ চিকিৎসালয়ত চিকিৎসকৰ নিৰিক্ষণত আছে ৷ বন বিভাগৰ ফালৰ পৰা পাৰ্যমানে আহত লক্ষী তেৰণক সহায়-সহযোগ কৰি থকা হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নিলয় বৰাই ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২৪ ৰ ১৬ ডিচেম্বৰত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ ঝাৰগাঁও অঞ্চলত গঁড়ৰ আক্ৰমণত এজন ৫৫ বছৰীয়া ব্যক্তি আহত হয় ৷ আনকি ২০২৪ৰ ৩০ ছেপ্টেম্বৰতো পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত গঁড়ৰ আক্ৰমণত এজন বাইক আৰোহীৰ মৃত্যু হৈছিল । নিহত ব্যক্তিজন কামৰূপ (মেট্ৰ’) জিলাৰ সোণাপুৰ কচুতলী অঞ্চলৰ বাসিন্দা ছাদ্দাম হুছেইন (৩৭) বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : গঁড়ৰ আক্ৰমণত আহত কৃষ্ণ: পবিতৰাৰ পৰা ওলাই অহা গঁড়টো গ'ল ক'লৈ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.