গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলত মাছ উৎপাদন ৫ শতাংশ বৃদ্ধি পোৱা বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে । গুৱাহাটীত সোমবাৰে মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰণালয়ৰ অন্তৰ্গত মীন বিভাগৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ (পি এম এম এছ ৱাই) ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা এখন বৈঠকত এই বিষয়ে ব্য়াখ্য়া কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
৩৩২০.৭৫ লাখ টকা ব্যয় কৰাৰ অনুমোদন :
এই বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়," অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মাছ উৎপাদনৰ যথেষ্ট সম্ভাৱনা আছে । এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিছে । অসমত মীন উৎপাদন বৃদ্ধি কৰাৰ লগতে কৰ্মসংস্থাপন সৃষ্টি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩৩২০.৭৫ লাখ টকা ব্যয় কৰাৰ অনুমোদন দিছে ।"
উল্লেখ্য যে অসমত মীন উৎপাদন বৃদ্ধি কৰাৰ লগতে কৰ্মসংস্থাপন সৃষ্টি কৰাৰ বাবে গ্ৰহণ কৰা এই প্ৰকল্পসমূহৰ ভিতৰত দৰং জিলাত সংহত একুৱা পাৰ্ক স্থাপন, য’ত বছৰি ১৫০ মেট্ৰিক টন মাছ উৎপাদন হ’ব । এই একুৱা পাৰ্কত ১০-১৫ কোটি টকা ৰাজহ আহৰণ কৰাৰ লগতে প্ৰায় ২,০০০জন লোকৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে । কামৰূপ জিলাৰ এটা বৃহৎ মাছৰ খাদ্য উদ্যোগে বছৰি ২০ হাজাৰ মেট্ৰিক টন খাদ্য উৎপাদন কৰিব । আনহাতে,বিভিন্ন জিলাৰ মাছৰ পোনা উৎপাদন প্ৰকল্পৰ লক্ষ্য হৈছে প্ৰতি বছৰে ৫ কোটি পোনা উৎপাদন কৰা,যাৰ ফলত স্থানীয় জলজ কৃষি যথেষ্ট বৃদ্ধি পাব ।
৫০টা প্ৰকল্পৰ উদ্বোধন-আধাৰশিলা স্থাপন :
উল্লেখ্য যে বৈঠকত উত্তৰ-পূৰ্বাঞ্চল(এন ই আৰ)ৰ মীন খণ্ডক উন্নীত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় অংশ ৩৮.৬৩ কোটি টকাকে ধৰি মুঠ ৫০ কোটি টকা ব্যয় সাপেক্ষে ৫০টা প্ৰভাৱশালী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । এই পদক্ষেপসমূহ অঞ্চলটোৰ মীন আন্তঃগাঁথনি, উৎপাদনশীলতা আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধিৰ বাবে প্ৰস্তুত কৰা হৈছে ।
কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীদ্বয় জৰ্জ কুৰিয়েন আৰু অধ্যাপক এছ পি সিং বাঘেলৰ লগতে পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিশিষ্ট বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।