ETV Bharat / state

অৱশেষত ছাগলী খাবলৈ বাঘ আহিল আৰু লগে লগে... - LEOPARD CAGED

বন বিভাগে নহয়, ৰাইজেহে কৰিলে এই কাম ৷ ঘৰে-ঘৰে পইচা তুলি কিনিছিল ছাগলীও ৷

Huge leopard caged by forest department in Tinsukia
বনৰজা পিঞ্জৰাবদ্ধ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2025, 7:08 AM IST

তিনিচুকীয়া : অৱশেষত স্বস্তিৰ নিশ্বাস এৰিছে তিনিচুকীয়াৰ ওকনিমুৰীয়া গাঁওবাসীয়ে ৷ কিয়নো দীৰ্ঘদিনৰ পৰা তিনিচুকীয়াৰ ওকনিমুৰীয়া গাঁৱত ত্ৰাস সৃষ্টি কৰা বনৰজা হ’ল পিঞ্জৰাবদ্ধ ।

দুদিন পূৰ্বে গাঁওবাসীয়ে বন বিভাগৰ সহযোগত পতা এটা পিঞ্জৰাত আবদ্ধ হ’ল প্ৰকাণ্ড এটা নাহৰফুটুকী । পৰৱৰ্তী সময়ত বন বিভাগৰ এটা দল উক্ত অঞ্চলত উপস্থিত হৈ উদ্ধাৰ কৰি লৈ যায় পিঞ্জৰাসহ নাহৰফুটুকীটো ।

তিনিচুকীয়াত পিঞ্জৰাবদ্ধ বনৰ ৰজা (ETV Bharat Assam)

এই সন্দৰ্ভত গাঁওবাসীয়ে জানিব দিয়া অনুসৰি, দীৰ্ঘদিনৰ পৰা স্থানীয় ৰাইজৰ নিদ্ৰাহৰণ কৰা আহিছিল এই বনৰজাই । বহুদিনৰ পৰা বাঘৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছিল গঞাই । প্ৰায় এক-দুই মাহৰ পৰা গাঁওখনত ইঘৰৰ পাছত সিঘৰৰ গৰু, ছাগলী আদি জীৱ-জন্তু নোহোৱা হৈছিল ।

প্ৰথম অৱস্থাত ৰাইজে গাঁৱৰ গৰু-ছাগলীবোৰ চোৰে চুৰি কৰি নিছে বুলি অনুমান কৰিছিল । কিন্তু এদিন স্থানীয় ৰাইজে ৰাস্তাত নাহৰফুটুকীটো দেখিহে গম পালে যে গাঁৱৰ গৰু-ছাগলী চোৰে নিয়া নাই, বাঘেহে খাইছে ৷ তাৰ পাছত স্থানীয় ৰাইজে বন বিভাগক বাঘটোৰ বিষয়ে খবৰ দিয়ে ৷

পৰৱৰ্তী সময়ত উক্ত অঞ্চলত এটা পিঞ্জৰা পতা হয়, লগতে দুদিন পূৰ্বে গাঁওবাসীয়ে ধন উঠাই একগোট কৰি এটা ছাগলীও ক্ৰয় কৰে । প্ৰথমে বেলেগ এটা স্থানত পিঞ্জৰাটো পাতিছিল যদিও বাঘ বন্দী হোৱা নাছিল ৷ পৰৱৰ্তী সময়ত স্থান সলনি কৰি দিয়াত পিঞ্জৰাটোত আবদ্ধ হয় নাহৰফুটুকীটো ।

নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ পাছতে স্থানীয় গাঁওবুঢ়াগৰাকীয়ে বন বিভাগক খবৰ দিয়ে ৷ তাৰ পাছতে বন বিভাগৰ এটা দল আহি নাহৰফুটুকীটো উদ্ধাৰ কৰি লৈ যায় ৷ এই বাঘটোক কোনো সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হ’ব বুলি বন বিভাগৰ লোকে সদৰী কৰে ।

লগতে পঢ়ক : মাৰ্ঘেৰিটাৰ বৰগোলাইত ত্ৰাস চলোৱা বনৰজা এতিয়া পিঞ্জৰাৰ অতিথি

লগতে পঢ়ক : যোৰহাটত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.