ETV Bharat / technology

ন’কিয়াৰ নতুন শীৰ্ষ কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি প্ৰদান জাষ্টিন হোটাৰ্ডক - NOKIA NEW CEO

ন’কিয়াই জাষ্টিন হোটাৰ্ডক কোম্পানীটোৰ নতুন চিইঅ’ হিচাপে নিযুক্তি দিছে । বৰ্তমান তেওঁ ইণ্টেলৰ ডাটা চেণ্টাৰ জেনেৰেল মেনেজাৰ হিচাপে কাম কৰি আছে ।

nokia-appoints-intels-justin-hotard-as-new-ceo-in-assamese
ন’কিয়াৰ নতুন শীৰ্ষ কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি প্ৰদান জাষ্টিন হোটাৰ্ডক (IANS)
author img

By ETV Bharat Tech Team

Published : Feb 11, 2025, 11:28 AM IST

হায়দৰাবাদ: ফিনলেণ্ডৰ মোবাইল কোম্পানী ন’কিয়াই জাষ্টিন হোটাৰ্ডক মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিছে । ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি 1 এপ্ৰিলৰ পৰা হ’টাৰ্ডে দায়িত্ব গ্ৰহণ কৰিব । বৰ্তমান পেক্কা লুণ্ডমাৰ্কে ন’কিয়াৰ শীৰ্ষ কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত হৈ আছে । প্ৰাপ্ত তথ্য অনুসৰি জাষ্টিন হোটাৰ্ডে বৰ্তমান ইণ্টেলৰ ডাটা চেণ্টাৰ আৰু AI গ্ৰুপৰ উপ-অধ্যক্ষ আৰু জেনেৰেল মেনেজাৰ হিচাপে কাম কৰি আছে ।

AI ত প্ৰৱেশৰ বাবে কোম্পানীটোৰ সংগ্ৰাম

জানিব পৰা মতে, 5G সামগ্ৰীৰ চাহিদা হ্ৰাস হোৱাৰ বাবে সংগ্ৰাম কৰি থকা কোম্পানীটোৱে বজাৰলৈ বেলেগ কিবা এটা আনি AI ৰ দৰে সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰত প্ৰৱেশ কৰাৰ উপায় বিচাৰিছে । ন’কিয়াৰ সভাপতি ছাৰী বালডফে কয়, "কোম্পানীটোৰ টেক কোম্পানী বৃদ্ধিৰ এক শক্তিশালী ট্ৰেক ৰেকৰ্ড আছে । ইয়াৰ উপৰিও ভৱিষ্যতৰ বৃদ্ধিৰ বাবে এআই আৰু ডাটা চেণ্টাৰ বজাৰতো ন'কিয়াৰ ভাল দখল আছে ।" সংবাদ সংস্থা ৰয়টাৰৰ পৰা পোৱা তথ্য অনুসৰি 2020 চনত ন’কিয়াৰ চিইঅ’ হিচাপে নিযুক্তি পোৱা লেণ্ডমাৰ্কে বছৰৰ শেষলৈকে হ’টাৰ্ডৰ উপদেষ্টা হিচাপে কাম কৰিব বুলি ন’কিয়াই জনাইছে । যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ন’কিয়াই নতুন চিইঅ’ নিযুক্তিৰ কথা অস্বীকাৰ কৰিছিল ।

ফিচাৰ ফোনৰ বাবে কাম চলি আছে

বৰ্তমানৰ শীৰ্ষ কাৰ্যবাহী বিষয়া পেক্কা লেণ্ডমাৰ্কে আস্থা প্ৰকাশ কৰিছে যে কোম্পানীটোৱে সদায় ভাল প্ৰদৰ্শন কৰিব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ন’কিয়া হৈছে ফিনলেণ্ডত অৱস্থিত বহুজাতিক টেলিকমিউনিকেচন কোম্পানী । 1991 চনত ন’কিয়াই প্ৰথম GSM ফোন মুকলি কৰিছিল । এই ফোনটো অতি জনপ্ৰিয় হৈ পৰিছিল । ইয়াৰ পিছত এণ্ড্ৰইড অপাৰেটিং চিষ্টেমৰ আগমনৰ আগলৈকে ন’কিয়া বিশ্বৰ এক নম্বৰ মোবাইল কোম্পানী আছিল । 2013 চনত টেক জায়ান্ট মাইক্ৰ’ছফটে ন’কিয়াক ক্ৰয় কৰে । 2016 চনৰ ভিতৰত মাইক্ৰ’ছফটে ন’কিয়াৰ উইণ্ড’জ ভিত্তিক লুমিয়া স্মাৰ্টফোন প্ৰৱৰ্তন কৰিছিল । 2017 চনত ন’কিয়াৰ এই ব্যৱসায় এইচ এম ডি গ্ল’বেলে অধিগ্ৰহণ কৰে । বৰ্তমান এইচ এম ডি গ্ল’বেলে ন’কিয়া নামেৰে স্মাৰ্টফোন আৰু ফিচাৰ ফোনৰ বাবে কাম কৰি আছে ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.