জব্বলপুৰ : কুম্ভমেলাৰ পৰা উভতি অহাৰ পথত ৰেৱা-প্ৰয়াগৰাজ ৰাজপথৰ চিহোৰাৰ ওচৰত ভক্ত কঢ়িয়াই অনা এখন ট্ৰেভেলাৰ দুৰ্ঘটনাত পতিত হয় । এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাটোত ঘটনাস্থলীতে নিহত হয় ৭ জন লোক ।
জব্বলপুৰৰ পৰা ৫০ কিলোমিটাৰ দূৰৈত এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা আটাইকেইজন লোক অন্ধ্ৰপ্ৰদেশৰ বুলি জানিব পৰা গৈছে । বিপৰীত দিশৰ পৰা অহা চিমেণ্টভৰ্তি এখন ট্ৰাকৰ সৈতে বাছখনৰ সংঘৰ্ষৰ ফলত মঙলবাৰে পুৱা ৯ বজাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । বাছখনত থকা যাত্ৰীসকল প্ৰয়াগৰাজৰ কুম্ভমেলাৰ পৰা উভতি আহিছিল । লগে লগে জব্বলপুৰৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীলৈ ৰাওনা হয় ।
ঘটনাস্থলীত উপস্থিত হোৱা এছ ডি অ' পি পাৰুল শৰ্মাই কয় যে দুৰ্ঘটনাগ্ৰস্ত বাহনখনত অন্ধ্ৰপ্ৰদেশৰ নম্বৰ প্লেট আছে আৰু যাত্ৰীসকল অন্ধ্ৰপ্ৰদেশৰ বাসিন্দা বুলি জানিব পৰা গৈছে । আনহাতে, এই গাড়ীখনৰ ঠিক পিচে পিচে আহি থকা আন এখন গাড়ীয়েও ট্ৰেভেলাৰখনত খুন্দা মাৰে । কিন্তু গাড়ীখনত থকা এয়াৰবেগ খোল খোৱাৰ ফলত গাড়ীখনত থকা যাত্ৰীসকল ৰক্ষা পৰে ।
![Jabalpur tragic accident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-02-2025/23518112_thujbp2.jpg)
উল্লেখ্য যে দুৰ্ঘটনাটোত আন বহুকেইজন লোক আহত হয় আৰু তেওঁলোকক চিহোৰাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় । জব্বলপুৰৰ আৰক্ষী অধীক্ষক সম্পত উপাধ্যায় আৰু আয়ুক্ত দীপক চাক্সেনা ঘটনাস্থলীত উপস্থিত হয় ।
দুৰ্ঘটনাটোত পতিত আনখন গাড়ী হৈছে এখন চিমেণ্টভৰ্তি ট্ৰাক । দুৰ্ঘটনাটো এখন দলঙৰ ওপৰত সংঘটিত হয় । আনহাতে, দুৰ্ঘটনাটোৰ ফলত ঘাইপথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় আৰু কুম্ভমেলাৰ পৰা উভতি অহা লোকসকলৰ বাহন ৰাজপথত আবদ্ধ হৈ পৰে ।
ঘটনাস্থলীত উপস্থিত হোৱা এছ ডি অ' পি পাৰুল শৰ্মাই কয়, "ঘটনাটো পুৱা প্ৰায় ৯ বজাত সংঘটিত হয় । বাহনখনত অন্ধ্ৰপ্ৰদেশৰ পঞ্জীয়ন নম্বৰ আছে আৰু সকলো যাত্ৰী অন্ধ্ৰপ্ৰদেশৰ বুলি কোৱা হৈছে । এই গাড়ীখনৰ ঠিক পিছফালে আন এখন গাড়ী আছিল । সেইখনৰো সংঘৰ্ষ হয় । কিন্তু গাড়ীখনৰ এয়াৰবেগ খোলাৰ বাবে সকলো আৰোহী ৰক্ষা পৰে । দুৰ্ঘটনাটোত কিছু লোক আহত হৈছে, তেওঁলোকক চিহোৰাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।"