ETV Bharat / state

দেবলাল গাৰ্লোচাক অপসাৰণৰ দাবীত ৭ জানুৱাৰীত পুনৰ প্ৰতিবাদ - CONFLICT IN DIMA HASAO BJP

ডিমা হাছাও জিলা বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ । নতুন বছৰৰ প্ৰথম দিনটোতেই আৰম্ভ হোৱা বিদ্ৰোহে লৈছে জটিল ৰূপ ।

Allegation against Devlal Garlocha
ডিমা হাছাও জিলাত বিজেপিত বিদ্ৰোহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 4:08 PM IST

হাফলং: ডিমা হাছাও জিলা বিজেপিত আৰম্ভ বিসম্বাদ । বিজেপিৰ নেতা-কৰ্মীয়ে গৰজি উঠিছে দেবলাল গাৰ্লোচাৰ বিৰুদ্ধে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা দেবলাল গাৰ্লোচাক অপসাৰণ কৰিবলৈ বিজেপিৰ নেতা-কৰ্মীয়ে মুকলিকৈ বিদ্ৰোহ আৰম্ভ কৰিছে । দেবলাল গাৰ্লোচাৰ একনায়কত্ববাদৰ বিৰুদ্ধে এই বিদ্ৰোহ ।

দেবলাল গাৰ্লোচাৰ গুণ্ডাৰাজ তথা একনায়ত্ববাদৰ বাবেই জিলা বিজেপিত বিসম্বাদৰ জুই জ্বলিছে । অনতি পলমে যদি দেবলাল গাৰ্লোচাক তেওঁৰ পদৰ পৰা অপসাৰণ কৰা নহয় তেনেহ'লে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ইয়াৰ ফল ভোগ কৰিব লাগিব বুলি শুক্ৰবাৰে এখন সংবাদমেলত সকীয়াই দিয়ে প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰ আৰু বিজেপি নেতা জয়দেশ ফংলোৱে ।

ডিমা হাছাও জিলাত বিজেপিত বিদ্ৰোহ (ETV Bharat Assam)

শুক্ৰবাৰে হাফলঙত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে কয়, "দেবলাল গাৰ্লোচাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত ৰাজত্ব চলাই থকাত তেওঁৰ বিৰুদ্ধে এতিয়া বিজেপিৰ তৃণমূল স্তৰৰ নেতা-কৰ্মী আন্দোলনমুখী হৈছে ।" তেওঁ পুনৰ কয়,"আমি আগৰে পৰাই দাবী জনাই আহিছো এজন যোগ্য ব্যক্তি আৰু ভাল নেতাক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পাতিব লাগে । "

তেওঁ লগতে কয়,"পাঁচটাকৈ গোচৰত অভিযোগনামাত নাম থকা আৰু ই ডিৰ গোচৰত অভিযুক্ত দেবলাল গাৰ্লোচাক অপসাৰণ কৰাৰ দাবীত নতুন বছৰৰ প্ৰথম দিনটোৰ পৰাই বিজেপিৰ নেতা-কৰ্মীসকলে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে । ১ আৰু ২ জানুৱাৰীত ডিমা হাছাও জিলাৰ মান্দাৰডিচা আৰু হাৰাংগাজাওত বিজেপি নেতা-কৰ্মী আৰু ৰাইজ দেবলাল গাৰ্লোচাক অপসাৰণৰ দাবী জনাই ওলাই আহিছে । ৭ জানুৱাৰীত হাৰাংগাজাও মণ্ডল বিজেপিৰ উদ্যোগত দেবলাল গাৰ্লোচাৰ অপসাৰণৰ দাবীত হাফলঙত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব ।"

সমৰজিৎ হাফলংবাৰে পুনৰ কয়, "আমাৰ এই দাবী যাতে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰ গৈ পায় ইয়াৰ বাবে এনে প্ৰতিবাদ চলাই যাম । আগতে বহু স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাক, এইক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা হোৱা নাই । এতিয়া ডিমা হাছাও জিলাৰ ৰাইজ যাতে দেবলাল গাৰ্লোচাৰ অত্যাচাৰ, অনিয়ম, অসংবিধানিক তথা অগণতান্ত্ৰিক কৰ্মৰ পৰা মুক্তি পায় তাৰ বাবে আমাৰ আন্দোলন অব্যাহত থাকিব । ইয়াৰ পিছতো যদি বিজেপি দলে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে অহা বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব । হাফলং সমষ্টিৰ পৰা যদি বিজেপি দলে জয়লাভ কৰিব বিচাৰে তেনেহ'লে অনতি পলমে দেবলাল গাৰ্লোচাক মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰণ কৰিব লাগিব, নহ'লে বিধানসভা নিৰ্বাচনত ইয়াৰ ফল ভুগিব লাগিব ।"

ইপিনে, বিজেপি নেতা জয়দেশ ফংলোৱে দেবলাল গাৰ্লোচাৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়,"দেবলাল গাৰ্লোচাক অপসাৰণ কৰাৰ বাবে যদি মুখ্যমন্ত্ৰী বা দলে পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে বিজেপিৰ নেতা-কৰ্মীসকলে জিলা পৰ্যায়ৰ পৰা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধীনত থকা ২৮ টা সমষ্টিত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব ।" প্ৰয়োজনত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় আৰু দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি সংবাদমেলত সকীয়াই দিয়ে জয়দেশ ফংলোৱে ।

লগতে পঢ়ক:দেবলাল গাৰ্লোচা মুখ্যমন্ত্ৰীৰ এ টি এম: ভূপেন বৰা - UMRANGSU LAND DISPUTE

বিদ্ৰোহৰ জুইত জ্বলিছে ডিমা হাছাও জিলা বিজেপি - PROTEST IN DIMA HASAO

চি ই এম ছাৰ, আমাক ইমান শাস্তি নিদিব আপোনাৰ পাপ লাগিব... - BJP WORKER PROTEST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.