thumbnail

Vijayadashami 2023 : ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি বিসৰ্জন দিব ভক্তগণে

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 2:18 PM IST

গুৱাহাটী, 24 অক্টোবৰ : আজি বিজয়া দশমী । ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিব ভক্তসকলে । অন্ত পৰিব ৫ দিন ধৰি হৈ থকা দুৰ্গোৎসৱৰ উৎসৱমুখৰ পৰিৱেশৰ । যথা বিহিত ধৰ্মীয় ৰীতি-নীতি অনুসৰি পূজা-অৰ্চনাৰ অন্তত আজি মা দুৰ্গাক বিদায় দিব ভক্তসকলে । প্ৰতিমা বিসৰ্জনেৰে সমাপ্ত হ’ব শাৰদীয় দুৰ্গোৎসৱৰ উচাহ । ম্লান পৰিব পূজা মণ্ডপসমূহ । পুনৰ মাৰ বাবে ভক্তগণে এটা বছৰৰ অপেক্ষা কৰিব লাগিব ।  

পুৱাই অপৰাজিতা পূজা অনুষ্ঠিত হোৱাৰ পিচত ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে সেন্দুৰ খেলা ৰীতিও । বিজয়া দশমীৰ দিনা হিন্দু শাস্ত্ৰ অনুসৰি দেৱী বৰণৰ আৰু অপৰাজিতা পূজাৰ পিচত বিবাহিত মহিলাসকলে দেৱী মাৰ চৰণত সেন্দুৰ অৰ্পণ কৰি সেন্দুৰ খেলাৰ ৰীতি পালন কৰে । এই নিয়মক সৌভাগ্যৰ প্ৰতীক বুলি বিশ্বাস কৰা হয় । সেয়ে মহিলাসকলে ইজনীয়ে-সিজনীক সেন্দুৰ সানি এই নিয়ম পালন কৰে ।

হিন্দু ধৰ্ম অনুসৰি বিবাহিত মহিলাসকলে স্বামীৰ মংগল কামনা কৰি সেন্দুৰ পিন্ধে । সেন্দুৰক ব্ৰহ্মাৰ প্ৰতীক বুলি মান্য কৰা হয় । হিন্দুধর্মী মহিলাসকলে স্বামীৰ মংগল কামনা কৰি কপালত ৰঙা সেন্দুৰ পৰিধান কৰে ।  

লগতে পঢ়ক : Durga Puja 2023: বিজয়া দশমীত নগাঁৱত সেন্দুৰৰ খেল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.