Durga Puja 2023: মৰাণৰ বুঢ়ীদিহিং নদীত প্ৰতিমা বিসৰ্জন - মৰাণৰ বুঢ়ীদিহিং নদীত প্ৰতিমা বিসৰ্জন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 5:37 PM IST

মৰাণ, ২৪ অক্টোবৰ: দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ লগে লগে অন্ত পৰে পূজাৰ পাৰভঙা আনন্দৰ । ৰাজ্য়ৰ আনঠাইৰ লগতে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত মৰাণৰ বুঢ়ীদিহিং নদীৰ গেমন ঘাটত দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয় । বিয়লিৰ পৰা আৰম্ভ হোৱা এই দেৱী বিসৰ্জনৰ কাৰ্যসূচী সন্ধিয়া পৰ্যন্ত চলি থাকে । আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰতিমা সমূহ বিসৰ্জন দিয়া হৈছে । প্ৰতিমা বিসৰ্জনৰ দৃশ্য উপভোগ কৰিবলৈ বুঢ়ীদিহিঙৰ পাৰৰ লগতে গেমন দলঙত সহস্ৰাধিক লোক সমবেত হয় ।  

বিসৰ্জনস্থলীত কোনোধৰণৰ বিশৃংখল পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে পূজা সমিতি সমূহক কিছু নিয়ম বান্ধি দিয়ে প্ৰশাসনে । মৰাণ, খোৱাং, লেপেটকটা আদি ঠাইৰ লগতে কেইবাখনো চাহ বাগিচাত প্ৰতিমা ইয়াত বিসৰ্জন দিয়া হয় ।

লগতে পঢ়ক:Durga Puja 2023 : নৱমীৰ উলাহ, যোৰহাটত দাণ্ডিয়া নৃত্যই আকৰ্ষণ কৰিছে ৰাইজক 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.