প্ৰধানমন্ত্ৰী মোদীয়ে জনগণক দাৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিলে: সৰ্বানন্দ সোণোৱাল - Assam BJP News
🎬 Watch Now: Feature Video
Published : Dec 23, 2023, 10:37 PM IST
গুৱাহাটী, ২৩ ডিচেম্বৰ : লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগেলগে কঁকালত টঙালি বান্ধিছে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীয়ে । প্ৰতিদিনে ইখনৰ পিছত সিখন বৈঠক পাতিছে দলৰ ইজনৰ পিছত সিজন শীৰ্ষ নেতাই ।
শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় জনতা পাৰ্টিৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয় ভৱনত উপস্থিত হৈ কাৰ্য-কৰ্তাসকলৰ সৈতে মত-বিনিময় তথা আলোচনাত মিলিত হয় । ইয়াৰোপৰি দলৰ বিভিন্ন সাংগঠনিক কাম-কাজৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'বিকশিত ভাৰত সংকল্প যাত্ৰা'কে ধৰি কেতবোৰ কল্যাণকামী পদক্ষেপৰ সফল ৰূপায়ণত সক্ৰিয় ভূমিকা ল'বলৈ কাৰ্যকৰ্তাসকলক আহ্বান জনায় সোণোৱালে ।
বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ দেশতে বিকশিত ভাৰত যাত্ৰাক জনতাই আদৰি লৈছে । জানুৱাৰী মাহত সমগ্ৰ অসমত হ’ব বিকশিত ভাৰত যাত্ৰা । বিকশিত ভাৰত যাত্ৰাৰ এই ভানখনক ‘মোদী কি গ্যেৰাণ্টি কাৰ্ড’ হিচাবে জনতাই গ্ৰহণ কৰিছে । ৬০ বছৰে কংগ্ৰেছে গৰীবি হাটাও শ্ল’গানহে দিলে, গৰীবি দূৰ কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে সোণোৱালে ।
ইফালে ৰাম মন্দিৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই সোণোৱালে কয় যে ৰাম মন্দিৰ ভাৰতৰ স্বাভিমান, প্ৰতিগৰাকী স্বাভিমানী ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ সময় ।
লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে সাজু কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া সৈনিক; ৰচনা হ’ল ৰণকৌশল