চৰকাৰী চিকিৎসালয়ত খোপনি পুতিছে দালাল, ধুবুৰীত দুই মহিলা দালালক আটক - Two brokers detained at Dhubri medical
🎬 Watch Now: Feature Video


Published : Dec 5, 2023, 7:32 AM IST
ধুবুৰী, 5 ডিচেম্বৰ : তেজৰ দালাল, ৰোগীৰ আত্মীয়ক বিপথে পৰিচালিত কৰা বা ভাল চিকিৎসা প্ৰদানৰ কৰা হয় বুলি ৰোগীক ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা একাংশ দালালে খোপনি পুতিছে ৰাজ্যৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত ৷ তেনে দালালৰ বিৰুদ্ধে সোমবাৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত অভিযান চলায় চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ৷ চিকিৎসা মহাবিদ্যালয়ৰখনৰ অধ্যক্ষা অংকুমণি শইকীয়াৰ নেতৃত্বত চলা অভিযানত দুগৰাকীকৈ মহিলা দালালক আটক কৰা হয় ৷
অভিযোগ অনুসৰি, দীৰ্ঘদিনৰ পৰা চিকিৎসালয়লৈ অহা দুখীয়া ৰোগীসকলক বিভিন্ন স্বাস্থ্য পৰীক্ষাৰ বাবে ব্যক্তিগত লেবৰেটৰী বা ডায়গনেষ্টিক চেন্টাৰলৈ নিছিল দুই মহিলাই ৷ সেই অভিযোগৰ ভিত্তিত সোমবাৰে চিকিৎসা মহাবিদ্যালয়খনত অভিযান চলোৱা হয় ৷ উল্লেখ্য যে, পূৰ্বেও অভিযান চলাই কেইবাজনো তেনে দালালক আটক কৰিছিল চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ৷ কিন্তু বাৰে বাৰে চৰকাৰী চিকিৎসালয়খনত দেখিবলৈ পোৱা গৈছে তেনে দালাল ৷
আনহাতে, এনে দালালৰ পৰা বাচি থাকিবলৈ ৰাইজক আহ্বান জনায় চিকিৎসা মহাবিদ্যালয়ৰখনৰ অধ্যক্ষাগৰাকীয়ে ৷
লগতে পঢ়ক : 'ফ্ৰী পেলেষ্টাইন'ৰ পতাকা লগাই আৰক্ষীৰ জালত এজন