Mystery death of SI Junmoni: বোকাহোলা চাহ বাগিচাৰ পৰা ওলাই 9 ঘন্টা পাচত জখলাবন্ধা পাইছিল কন্টেইনাৰ ট্ৰাকখন - Junmoni Rabha accident
🎬 Watch Now: Feature Video
যোৰহাট, 19 মে’ : এতিয়াও উদঘাটন হোৱা নাই SI জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য (Mystery death of Junmoni Rabha) ৷ অৱশ্যে প্ৰতিদিনেই উদঘাটন হৈছে ন ন তথ্য ৷ ইয়াৰ মাজতে এইবাৰ পোহৰ আহিছে SI জোনমণিৰ বাহনৰ সন্মুখত ঘাতক ৰূপে প্ৰকট হোৱা কন্টেইনাৰ ট্ৰাকখনৰ কিছু বিশেষ তথ্য ৷ তথ্য অনুসৰি, তিতাবৰৰ বোকাহোলা চাহ বাগিচাত চাহপাত উঠাই উক্ত দিনা বিয়লিৰ ভাগত ৰাওনা হৈছিল ট্ৰাকখন । উক্ত ট্ৰাকখনৰ দৃশ্যাংশ বন্দী হৈছে CCTV কেমেৰাত (SI Junmoni Rabha death case) ৷
CCTV ফুটেজ অনুসৰি যোৱা 15 মে’ৰ বিয়লি 4.24 বজাত তিতাবৰৰ বোকাহোলা চাহ বাগিচাৰ পৰা ওলাই আহিছিল চাহপাত ভৰ্তি কন্টেইনাৰ ট্ৰাকখন ৷ ইফালে জোনমণিৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল নিশা প্ৰায় 1.30 বজাত ৷ যদি চোৱা যায় তিতাবৰৰ পৰা জখলাবন্ধাৰ মাজত দূৰত্ব প্ৰায় 145.2 কিঃমিঃ ৷ কিন্তু 145.2 কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিবলৈ এখন কন্টেইনাৰ ট্ৰাকক 9 ঘন্টা সময়ৰ প্ৰয়োজন হোৱা ঘটনাটোৱে অধিক ৰহস্যৰ সৃষ্টি কৰিছে (Junmoni Rabha accident) ৷
উল্লেখ্য যে, অসম আৰক্ষী অতি সাহসী আৰু দক্ষ আৰক্ষী বিষয়াগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ সমগ্ৰ ৰাজ্যতে অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ মাজতে বৰ্তমান জোনমণি ৰাভা মৃত্যুৰ ঘটনাৰ তদন্ত বাবে চি আই ডিক অৰ্পণ কৰাৰ হৈছে ৷ ইতিমধ্যে চি আই ডিয়ে সমগ্ৰ ঘটনা তদন্ত আৰম্ভ কৰি কেবাজনো আৰক্ষী বিষয়া পৰাৰ বিভিন্ন পৰ্যায় লোকক সোধ-পোছ অব্যাহত ৰাখিছে । আনকি অসমবাসী ৰাইজেও জোনমণি ৰাভা সঠিক ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে (Junmoni Rabha death mystery) ।
আনহাতে, জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ তদন্ত পৰিয়ালে বিচাৰিলে চি বি আইক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ ইচ্ছুক বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে । ইতিমধ্যে জোনমণি ৰাভা মৰোণোত্তৰ প্ৰতিবেদনো বৰ্তমান ৰাজহুৱা হৈ পৰিছে ।
লগতে পঢ়ক : CID team in Nagaon : মৰিকলংঙৰ আৰক্ষী চকীৰ OC মনোজ বৰুৱাক CID ৰ তলব