thumbnail

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 11:01 PM IST

ETV Bharat / Videos

কাজিৰঙাত মৎস্য় চিকাৰ নিষিদ্ধ ঘোষণা প্ৰশাসনৰ; 144 ধাৰা জাৰি

কলিয়াবৰ, 11 জানুৱাৰী: কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত 144 ধাৰা জাৰি ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়ত উৰুকাত মৎস্য চিকাৰ নিষিদ্ধ ৷ কলিয়াবৰ মহকুমা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে বৃহস্পতিবাৰে ৷ বিল, জলাশয়ৰ আশে-পাশে নিৰ্ধাৰিত এলেকাত পাঁচজন বা তাতোকৈ অধিক লোক একত্ৰিত হোৱাটো কঠোৰভাৱে নিষিদ্ধ । ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ ৰক্ষা আৰু ব্ৰাঘ্য সংৰক্ষিত অঞ্চলৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ প্ৰশাসনৰ । 

বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত পতাহী বিল, দেওচূড়, ঘোঁৰাকাটি,  টুনিকাটি আৰু  দেওপানী অঞ্চলত ১৪৪ ধাৰা জাৰি । পৰম্পৰা ৰক্ষাৰ নামত কোনো লোকে মৎস্য চিকাৰ কৰিব নোৱাৰিব । নিৰ্ধাৰিত অঞ্চলত অকৰ্তৃত্বশীলভাৱে মানুহ একত্ৰিত হোৱা আৰু ভিতৰলৈ যোৱাটো কঠোৰভাৱে নিষিদ্ধ । নিৰ্ধাৰিত এলেকাত বিল আৰু জলভাগত মাছ ধৰাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে । নিৰ্ধাৰিত এলেকাত যিকোনো ব্যক্তিয়ে যিকোনো ধৰণৰ মাছ ধৰা সামগ্ৰী কঢ়িয়াই নিয়াটো কঠোৰভাৱে নিষিদ্ধ । 

নিৰ্ধাৰিত অঞ্চলত যিকোনো ব্যক্তিয়ে যিকোনো অস্ত্ৰ (জুইৰ অস্ত্ৰ, মাৰণাস্ত্ৰ, ধনু আৰু কাঁড়) কঢ়িয়াই নিয়াটো কঠোৰভাৱে নিষিদ্ধ । এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে আৰু পৰৱৰ্তী আদেশ নোহোৱালৈকে চলি থাকিব বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: মাছ-মানুহৰ প্ৰেমৰ কাহিনীৰে জনপ্ৰিয় হৈ উঠিছে আগিয়াৰ বকডো গাঁও

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.