Dhemaji firing incident: অৰুণাচল সীমান্তত প্ৰাণ হেৰুওৱা দুই যুৱকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবী ৰিপুন বৰাৰ - Clash at Assam Arunachal Border
🎬 Watch Now: Feature Video
গুৱাহাটী, 6 জুন: অসম অৰুণাচল সীমান্তত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰি ৰিপুন বৰাই কয় যে, সীমা বিবাদ সমাধানৰ নামত চৰকাৰে কৰা কাম ফুটুকাৰ ফেনত পৰিণত হৈছে । এতিয়ালৈকে কিয় হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ এজনো মন্ত্ৰী ঘটনাস্থলীলৈ যোৱা নাই বুলি প্ৰশ্ন কৰে বৰাই (Ripun Bora reacts to Dhemaji firing incident) ।
তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰীয়ে নিজকে NEDA ৰ আহ্বায়ক বুলি জহাই ফুৰে । অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক কিয় কঠোৰ ভাষাৰে ধমক দিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰি ৰিপুন বৰাই কয় যে, মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে সীমা সমস্যা সমাধান হোৱা বুলি কয়, যদিয়ে সমাধানে হৈছে কিয় আজি নিৰীহ যুৱক দুজনৰ মৃত্যু হ’ব লগা হ’ল (Firing incident at Assam Arunachal Border) ।
সীমান্তত দুজন নিৰীহ যুৱকক গুলীয়াই মৰা কাৰ্যৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈও দাবী জনাই ৰিপুন বৰাই (Clash at Assam Arunachal Border) ।
লগতে পঢ়ক: Firing at Assam Aruanchal border: সীমান্তত গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ গুলীত নিহত দুজন অসমীয়া লোক
উল্লেখ্য যে, ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৰ পানবাৰীত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল দুগৰাকী অসমীয়া লোকে । ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অধীনৰ জয়ৰামপুৰ পানবাৰীত সংঘটিত হৈছিল এই নৃশংস ঘটনা । গছপুলি ৰোপণ কৰিবলৈ যোৱা নিৰস্ত্ৰ অসমীয়াৰ ওপৰত অৰুণাচলী দুৰ্বৃত্তই বৰ্বৰোচিতভাৱে গুলীচালনা কৰাৰ উপৰিও দাৰে হানি-খুঁচি নৃশংসভাৱে হত্যা কৰিছিল দুগৰাকী নিৰীহ অসমীয়াক ৷
ইয়াৰ উপৰি আন চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় আৰু ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।