Protest in Tinsukia:তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ - মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 11, 2023, 7:42 PM IST

তিনিচুকীয়া, ১১ আগষ্ট: পেট্ৰ'ল-ডিজেল,দৰৱকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি তিনিচুকীয়াত জিলা যুৱ কংগ্ৰেছে সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে  ৷ তিনিচুকীয়াৰ চহৰৰ থানা চাৰিআলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীয়ে ৷ পুত্তলিকাত প্ৰধানমন্ত্ৰীগৰাকীৰ ফটো লগাই দাহ কৰি সাব্যস্ত কৰাৰ সময়তে আৰক্ষীৰ স’তে বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক  ড৹ স্মুতি ৰঞ্জন লেংকাৰ উপস্থিতিত আয়োজন কৰা উক্ত প্ৰতিবাদৰ সময়ত প্ৰতিবিধ সামগ্ৰীৰ অতিপাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে শাসকীয় চৰকাৰখনক তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে ৷ শাসকীয় চৰকাৰখনে জনসাধাৰণক মাথোঁ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জৰিয়তে জনতাৰ মূৰত ৰামটাঙোন দি আহিছে বুলিও ক্ষোভ উজাৰে সংগঠনটোৱে ৷

লগতে পঢ়ক :ATASU Protest in Dhemaji : জনজাতিকৰণৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত ধেমাজিত আটাছুৰ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.