General Election of Students Union: টিংখাং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত উৰিল আছুৰ জয় ধ্বজা

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 9:22 PM IST

thumbnail

ডিব্ৰুগড়, ৯ ছেপ্টেম্বৰ: টিংখাং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা । নিৰ্বাচনী ফলাফলত আছুৰ বিপুল জয়লাভ । শনিবাৰে বিয়লি ঘোষণা কৰা টিংখাং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি সাধাৰণ সম্পাদকৰ পদকে ধৰি মুঠ ১১ টা পদত আছু সমৰ্থীত প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰে ।  

সভাপতিৰ পদত শংকৰ সোনাৰ, সাধাৰণ সম্পাদক প্ৰীতম জ্যোতি বড়া, উপ-সভাপতি হোমেন কোঁচ, সহকাৰী সাধাৰণ সম্পাদক দেৱজিৎ ধাদুমীয়া, সাংস্কৃতিক সম্পাদক পদত অনুষ্কা তালুকদাৰে বিজয় সাব্যস্ত কৰে । নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পাছতে বিজয়ী প্ৰাৰ্থীসকলক লৈ এক সমদল বাহিৰ কৰা হয় । শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ বাবে সুখী হোৱা বুলি জানিবলৈ দিয়ে আছু নেতৃত্বই । লগতে আছু সমৰ্থিত বিজয়ী প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি ভৱিষ্যতে ছাত্ৰ সমাজৰ বাবে কাম কৰি যাবলৈ আহ্বান জনাই সংগঠনৰ বিষয়ববীয়াই ।  

লগতে পঢ়ক: Filmmaker Rima Das: মানৱ জীৱনৰ সংঘাত আধাৰিত নতুন ছবি লৈ সাজু চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.