thumbnail

By

Published : Dec 1, 2022, 9:56 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ETV Bharat / Videos

Blood Donation Camp: ৰক্তদান কৰি অচেতন তিনিগৰাকী ছাত্ৰী

নলবাৰীৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ ৰক্তদান শিবিৰত অঘটন (Tensed Situation at Nalbari Blood Donation Camp)৷ ৰক্তদান কৰি অচেতন হৈ পৰিল মহাবিদ্যালয়ৰ তিনিগৰাকীকৈ ছাত্ৰী ৷ ছাত্ৰী কেইগৰাকীৰ নাম লাকী ডেকা, কাৰিফা চুলতানা আৰু ৰেছমিৱাৰা বেগম বুলি জানিব পৰা গৈছে ৷ আটাইকেইগৰাকীয়েই প্ৰথম ষান্মাসিকৰ ছাত্ৰী ৷ জানিব পৰা মতে ছাত্ৰী কেইগৰাকীয়ে ৰক্তদান কৰাৰ সময়ত হিম'গ্লবিনৰ কোনো ধৰণৰ পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপন হৈছে (Three Girls Conscious At Blood Donation Camp)৷ বৰক্ষেত্ৰী মহাবিদ্যালয় আৰু ব্ৰহ্মপুত্ৰ ৰক্তদান গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই ৰক্তদান শিবিৰটো ৷ ৰক্তদান শিবিৰটোত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসলয়ৰ ব্লাড বেংকৰ স্বাস্থ্য বিষয়াৰ লগতে স্বাস্থ্য কৰ্মীসকল উপস্থিত আছিল (Nalbari Blood Donation Camp)৷ কিন্তু ছাত্ৰী কেইগৰাকী কি কাৰণত অচেতন হৈ পৰিল সেই সন্দৰ্ভত গা এৰা মন্তব্য প্ৰদান কৰে স্বাস্থ্য পৰীক্ষা কৰা দলটোৱে ৷ আনকি মহাবিদ্যালয় কতৃপক্ষইও এই সন্দৰ্ভত মন্তব্য প্ৰদানৰ কৰাৰ পৰা বিৰত থাকে ৷
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.