Dibrugarh theft news:চোৰৰো থাকে এটা মন, চোৰক ধন্যবাদ জনালে গৃহস্থই - thief returns back scooty after six days

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 8:08 PM IST

ডিব্ৰুগড়, 29 ছেপ্টেম্বৰ : ৰাজ্যত সংঘটিত হৈ থকা ভয়ংকৰ চুৰি ডকাইতিৰ কাণ্ডত সকলো শংকিত হৈ পৰিছে । তেনে সময়তে ডিব্ৰুগড়ত এটা চোৰৰ আজৱ কাণ্ডই সকলোকে ভবাই তুলিছে । সম্পূৰ্ণ ছয় দিনৰ পাচত চুৰি কৰি নিয়া স্কুটী একে জেগাতে পুনৰ থৈ গ’ল চোৰে ৷ হেৰুৱা স্কুটী ঘূৰাই পাই আনন্দত মতলীয়া হৈ পৰিছে গৰাকী ।

ঘটনা অনুসৰি দেওবাৰে ডিব্ৰুগড়ৰ খনিকৰ পঞ্চায়তৰ সভাপতি বিনয় মাঝিৰ নিজ গৃহৰ পদূলিৰ পৰাই চোৰে চুৰি কৰি নিছিল AS06 AB 3688 নম্বৰৰ হোণ্ডা এক্টিভা স্কুটীখন । ইয়াৰ পাচতেই চুৰি সন্দৰ্ভত মিলন নগৰ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ । কিন্তু ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষীয়ে চোৰৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল ।

শুকুৰবাৰৰ পুৱাৰ ভাগত যি স্থানৰ পৰা চোৰে স্কুটীখন চুৰি কৰি নিছিল সেই স্থানতে স্কুটীখন দেখি ঘৰৰ সকলো আচৰিত হৈ পৰে । চোৰে স্কুটীখনৰ চাবিটো পেলাই থৈ যায় ঘৰৰ চৌহদৰ ভিতৰত । যোৱা ছয় দিনত চোৰে প্ৰায় ১৮০০ কিলোমিটাৰ স্কুটীখন চলাইছে বুলিও জানিবলৈ দিছে স্কুটীৰ গৰাকীয়ে । ভদ্ৰ চোৰৰ এনে কৰ্মকাণ্ডই এতিয়া ডিব্ৰুগড়ত তীব্ৰ চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক : Barpeta theft incident:গাড়ী লৈ আহিছিল চুৰি কৰিবলৈ; উঠাই নিলে বক্স পালেং

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.