thumbnail

By

Published : Jun 17, 2023, 7:15 PM IST

ETV Bharat / Videos

Water level of Kapili river is rising: হোজাইত ক্ৰমান্বয়ে বৃদ্ধি পাই আছে কপিলী নৈৰ বাঢ়নী পানী

হোজাই, 17 জুন : কেইবাদিনো ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাই আছে কপিলী নৈৰ বাঢ়নী পানী । কপিলীৰ বাঢ়নী পানী পৰ্য্যবক্ষণ কৰিবৰ বাবে শনিবাৰে হোজাইৰ কপিলীপাৰত উপস্থিত হয় বিধায়ক ৰামকৃষ্ণ ঘোষসহ এটি দল ।

বান আৰু কপিলীপাৰৰ মথাউৰি পৰ্য্যবক্ষণ কৰা লগতে ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয় বিধায়কগৰাকীয়ে । বিধায়কগৰাকীক সংগ দিয়ে হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দে সহ বিজেপি কৰ্মকৰ্তাই । বিধায়ক ৰামকৃষ্ণ ঘোষে মন্তব্য কৰে যে, এইবাৰ হোজাইত বান নহয় চাগে, যিহেতু মথাউৰিৰ কাম চলি আছিল কিন্তু বৰ্তমান বৰষুণৰ বাবে এই কাম বন্ধ হৈ আছে আৰু দুই এমাহৰ ভিতৰত মথাউৰিৰ বাকী থকা কামখিনিও শেষ হ’ব বুলি আশা প্ৰকাশ কৰে তেওঁ ।

লগতে পঢ়ক : Danger in Dhemaji NHPC : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত তীব্ৰবেগী পানীয়ে মাতিছে ভয়ংকৰ বিপদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.