thumbnail

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 10:09 PM IST

ETV Bharat / Videos

Tense Situation in Karimganj : অসম-ত্ৰিপুৰা সীমান্তত উত্তেজনাপূৰ্ণ পৰিস্থিতি ; আৰক্ষী বিষয়াক আক্ৰমণ দুস্কৃতিকাৰীৰ

কৰিমগঞ্জ, 2 ছেপ্টেম্বৰ : অসম-ত্ৰিপুৰা সীমান্তত শুকুৰবাৰে নিশাৰ ভাগত ত্ৰিপুৰাৰ এখন ট্ৰাক অবৈধভাৱে প্ৰৱেশ কৰাক লৈ তীব্ৰ উত্তেজনা সৃষ্টি হয় ৷ অসম-ত্ৰিপুৰা সীমান্তৰ ঝেৰঝেৰী গেটেৰে কোনো ধৰণৰ মালবাহী বাহন পাৰ হ’বলৈ দিয়া নহয় ৷ এই ঘটনা সন্দৰ্ভত কঠালতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আশীষ মহন্তক আক্ৰমণ দুস্কৃতিকাৰীৰ ৷  

প্ৰাপ্ত তথ্যমতে শুকুৰবাৰে গভীৰ নিশা এখন ট্ৰাকে এই গেট ভাঙি ত্ৰিপুৰাৰ দিশে প্ৰৱেশ কৰে ৷ শনিবাৰে ঘটনা সন্দৰ্ভত কঠালতলীৰ বাঘন গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি কামৰান পাছা চৌধুৰীয়ে সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা অৱস্থাত হঠাৎ জনৈক বদৰুল হক নামৰ ব্যক্তি এজন আৰু তেওঁৰ সহযোগীসকলে আহি কামৰানক আক্ৰমণ কৰে ৷ লগতে সাংবাদিক মুজিৰ উদ্দিন আৰু ৰঞ্জিত কৈৰীকো আক্ৰমণ কৰাৰ চেষ্টা কৰে ৷ সাংবাদিকজনৰ মোবাইল কাঢ়ি লোৱাৰো চেষ্টা কৰে ৷

পৰৱৰ্তী সময়ত এই খবৰ লাভ কৰি কঠালতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আশীষ মহন্ত সেই স্থানত উপস্থিত হৈ ঘটনা সন্দৰ্ভত জানিবলৈ চেষ্টা কৰে ৷ তেনে সময়তে আৰক্ষী বিষয়াজনকো আক্ৰমণ কৰে দুস্কৃতিকাৰীয়ে ৷ সূত্ৰ অনুসৰি আক্ৰমণকাৰীসকল ত্ৰিপুৰাৰ স্থায়ী বাসিন্দা ৷ কিন্তু বৰ্তমানলৈ কৰিমগঞ্জ আৰক্ষীৰ পৰা এই ঘটনা সন্দৰ্ভত কোনো মন্তব্য দিয়া হোৱা নাই ৷ 

লগতে পঢ়ক : Silsako Eviction Drive: শিলসাঁকোৰ উচ্ছেদিতৰ চকুত চকুপানী; দ্বিতীয় দিনাও প্ৰায় শতাধিক ঘৰ উচ্ছেদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.