Talwar aarti at ma harsiddhi temple in Narmada : ৪২৩ বছৰীয়া পৌৰাণিক মন্দিৰত তৰোৱালৰ আৰতি - ৰাজপুতসকলৰ বীৰত্বই মানুহক আকৰ্ষণ কৰি আহিছে
🎬 Watch Now: Feature Video
Published : Oct 23, 2023, 6:33 PM IST
নেশ্যেনেল ডেস্ক, ২৩ অক্টোবৰ : নৱৰাত্ৰিৰ অৰ্থ হৈছে মা শক্তিক পূজা অৰ্চনা কৰা । নৱৰাত্ৰিৰ সময়ত প্ৰতিজন ভক্তই নিজৰ সামৰ্থ অনুযায়ী পূজা অৰ্চনা কৰে । নৰ্মদাৰ ৰাজপিপ্লাৰ ৪২৩ বছৰীয়া পৌৰাণিক মা হৰসিদ্ধি মন্দিৰত ভক্তসকলে এক অনন্য ধৰণেৰে দেৱী পূজা কৰা পৰিলক্ষিত হৈছে ।
হৰসিদ্ধি মাক ৰাজপুতসকলৰ কুলদেৱী বুলি গণ্য কৰে । সেয়ে মা হৰসিদ্ধিক ৰাজপুত সমাজে শনিবাৰে তৰোৱাল যুদ্ধৰ আৰতি পৰিৱেশন কৰি পূজা কৰা পৰিলক্ষিত হয় । ইয়াৰে প্ৰায় ১৭৫ জন যুৱকে যোৱা ৯ বছৰে মা হৰসিদ্ধিৰ আৰতিক অনন্য ধৰণেৰে পূজা কৰি আহিছে ৷
বিশেষকৈ এই তৰোৱাল যুদ্ধৰে আৰতি কৰি ৰাজপুতসকলৰ বীৰত্বই মানুহক আকৰ্ষণ কৰি আহিছে । এই আৰতি চাবলৈ বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । ১ ঘণ্টা ৩০ মিনিট ধৰি চলি থকা মুঠ ৩ খন আৰতিত প্ৰায় ১৭৫ জন যুৱকে অবিৰতভাৱে তৰোৱাল লৈ যুদ্ধ কৰি দেৱীক এক অনন্য শৈলীৰে পূজা কৰা পৰিলক্ষিত হয় ।
লগতে পঢ়ক : Exceptional Durga Puja : গুৱাহাটীত সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত এখন ব্যতিক্ৰমী দুৰ্গা পূজা